ধূমপান সেৱন কৰাৰ ক্ষেত্ৰত সময়সীমা বৃদ্ধি কেন্দ্ৰৰ

নিউজ ডেস্ক– ধূমপান সেৱন কৰাৰ লগতে ধপাতযুক্ত সামগ্ৰী বিক্ৰী কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে বয়সৰ সময়সীমা বৃদ্ধি কৰাৰ চিন্তা-চৰ্চা কৰিছে।

কেন্দ্ৰই ইতিমধ্য়ে ‘Cigarettes and other Tobacco Products Amendment Act, 2020’ আইনৰ খচৰা প্ৰস্তুত কৰিছে। ইয়াৰ বাবে পূৰ্বৰ নূন্যতম বয়স ১৮ৰ পৰা বৰ্তমান ২১বছৰলৈ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে ধপাতযুক্ত সামগ্ৰী বিক্ৰী কৰোতো নিষেধাজ্ঞা।

এই বিধেয়ক আইনত পৰিণত হ’লে ২১ বছৰ বয়সতকৈ কম বয়সৰ কোনো লোকে ক্ৰয় কৰিব নোৱাৰিব চিগাৰেট। যদি কোনোলোকে এই নিয়ম উলংঘন কৰি অবৈধভাৱে চিগাৰেট বিক্ৰি কৰে তেতিয়া তেওঁৰ বিৰুদ্ধে এবছৰ পৰ্যন্ত কাৰাদণ্ডৰ লগতে ৫০০০০হেজাৰ টকা জৰিমনা বিহা হ’ব আৰু ২১বছৰৰ তলৰ কোনো লোকে ধপাত নিৰ্মাণ কৰিলে তেওঁৰ বিৰুদ্ধে ২বছৰ কাৰাবাসৰ লগতে ১লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব। সেইদৰে এই খচৰাৰ সাত নম্বৰ ধাৰাত কোৱা হৈছে যে, অনাগত দিনত চিগাৰেট পেকেট হিচাপতহে বিক্ৰী কৰিব পাৰিব। খুচুৰা বিক্ৰী কৰিলে ৫ বছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,843 other subscribers

Leave a comment

Leave a Reply