নিউজ ডেস্ক– ৰাজধানী দিল্লীত পুনৰ সংঘটিত হৈছে ধৰ্ষণ কাণ্ড। দিল্লীৰ ৰাজপথত মাতৃ আৰু কন্যাক ধৰ্ষণ কৰে দুই সুৰামত্তই। ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰে এই ভিডিঅ’। কোনো অজ্ঞাত লোকে ছচিয়েল মিডিয়াত প’ষ্ট কৰে সেই ভিডিঅ’।
সেই ভিডিঅ’টোৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই যুৱকক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই লম্পট ৱাজিৰপুৰৰ অমিত আৰু জাহাংগিৰিপুৰীৰ চনু বুলি চিনাক্ত কৰিছে। ভিডিঅ’ প্ৰকাশ হোৱাৰ পাছতে দেওবাৰে আৰক্ষীয়ে চিচি টিভি ফুটেজৰ সহায়ত বাছ ষ্টপ, মেট্ৰ’ ষ্টেচনসহ বিভিন্ন ঝুপুৰিত দুয়োগৰাকী ভুক্তভোগী মহিলাৰ দিনজোৰা সন্ধান চলাই।
কিছু ঘণ্টাৰ পাছতে দুই নিৰ্যাতিতাৰ সন্ধান পাই আৰক্ষীয়ে । তদন্তত দুই নিৰ্যাতিতাই আৰক্ষীক জনাই যে ২৯ ডিচেম্বৰৰ নিশা তেওঁলোকক ধৰ্ষণ কৰে । নিৰ্যাতিতা মাতৃৰ বয়স ৩৫ বছৰ আৰু কন্যাৰ বয়স ১৮ বছৰ । কন্যাগৰাকী বিশেষভাৱে সক্ষম । তলাবন্ধৰ সময়ত স্ত্ৰী আৰু সন্তানক এৰি গাঁৱলৈ গুছি যায় মহিলাৰ স্বামী । সেয়েহে তেওঁলোকে পথতে থাকিবলৈ লয় ।
আনহাতে ছ’চিয়েল মিডিয়াত ভিডিঅ’ কৰি ভাইৰেল কৰা লোকজনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ৰাজধানী চহৰখনত সঘনাই সংঘটিত হৈ অহা ধৰ্ষণ কাণ্ডৰ ঘটনাই নাৰী সুৰক্ষাৰ ফোপোলা স্বৰূপটোকেই যেন আকৌ উদঙাই দিলে।