নিউজ ডেস্ক– বুধবাৰে নিশা ভাৰত পালেহি তিনিখনকৈ ৰাফেল বিমান। ভাৰতীয় বায়ুসেনাক অধিক শক্তিশালী কৰি পুনৰ বায়ুসেনাত যোগ হ’ল তিনিখনকৈ ৰাফেল বিমান। ফ্ৰান্সৰ পৰা ৭,০০০ কিলোমিটাৰ অতিক্ৰম কৰি জামনগৰৰ বিমানঘাটিত অৱতৰণ কৰে তিনিখনকৈ ৰাফেল বিমানে। চীনৰ সৈতে শত্ৰুতা বৃদ্ধিৰ সময়তে ভাৰতীয় বায়ু সেনাই লাভ কৰিলে আৰু তিনিখন ৰাফেল যুঁজাৰু বিমান।
ফ্ৰান্সৰ ভাৰতীয় দূতাভাষে এই সন্দৰ্ভত টুইট কৰে।
Three more #Rafale jets take off from for a non stop flight to with mid air refueling by UAE MRTT; Adding more strength to 's air power.
Wishing our amazing pilots smooth flight&safe landing with superb fighter jets.@MEAIndia @JawedAshraf5 @IAF_MCC @IndianDiplomacy pic.twitter.com/nq6vtWdWM4
— India in France (@Indian_Embassy) January 27, 2021
ইয়াৰ পূৰ্বে প্ৰথমবাৰৰ বাবে ২৯ জুলাইত ফ্ৰান্সৰ পৰা পাঁচখনকৈ ৰাফেল আনিছিল ভাৰতে। তাৰ পিছত ৫ নৱেম্বৰত পুনৰ ভাৰতলৈ তিনিখন ৰাফেল আহি পাইছিল। বুধবাৰে আহি পোৱা ৩খন ৰাফেলকে ধৰি বৰ্তমান ভাৰতৰ বায়ু সেনাত চামিল হোৱা মুঠ ৰাফেল যুঁজাৰু বিমানৰ সংখ্যা হ’লগৈ ১১খন।
উল্লেখ্য যে, ৫৯ হাজাৰ কোটি টকাৰ বিনিময়ত ফ্ৰান্সৰ সৈতে প্ৰায় ৪বছৰৰ আগতে ভাৰতে ৩৬খন বিমান ক্ৰয়ৰ চুক্তি কৰিছিল ভাৰত চৰকাৰে। ২৩ বছৰে পূৰ্বে ভাৰতে প্ৰথম ক্ৰয় কৰিছিল যুঁজাৰু বিমান।