ডলফিন হত্যা

নিউজ ডেস্ক– জীৱ-শ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট কাণ্ড। উত্তৰ প্ৰদেশত লোৰ ৰডেৰে মৰিয়াই মৰিয়াই হত্য়া ডলফিনক। ছ’চিয়েল মিডিয়াত এই ভিডিঅ’ ভাইৰেল হৈ পৰাত আৰক্ষীয়ে ভিডিঅ’ প্ৰত্য়ক্ষ কৰি গ্ৰেপ্তাৰ কৰে তিনিজনক।

৩১ডিচেম্বৰত সংঘটিত হৈছিল এই নৃশংস কাণ্ড। প্ৰতাপগঢ় আৰক্ষীয়ে টুইটযোগে এই কথা সদৰী কৰে।

ভিডিঅ’টোত দেখা গৈছে কেইজনমান উন্মত্ত লোকে ডলফিনটোক লোৰ অস্ত্ৰৰে খুচি খুচি আক্ৰমণ কৰে। ডলফিনটোৰ গাৰ পৰা লগে লগে বিৰিঙি আহিছে তেজ।

ইমানটো শান্ত নাথাকি ৰডেৰে মৰিয়াইছে ডলফিনটোক। অৱশেষত ক্লান্ত হৈ মৃত্যুক সাবতি লয় ডলফিনটোৱে।

এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰত্য়ক্ষ কৰি দুখ প্ৰকাশ কৰে বহুলোকে।

উল্লেখ্য় যে বনবিভাগৰ এজন বিষয়াই ডলফিনটো এটা খালৰ কাযত মৃত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে। মৃত ডলফিলটো চাবলৈ স্থানীয় গাওঁবাসীয়ে ভিৰ কৰিছিল। বনবিভাগৰ লোকজনে ডলফিনটোৰ মৃত্য়ুৰ সম্পৰ্কে সোধাত কোনেওঁ প্ৰকৃত কথাটো অৱগত কৰা নাছিল।

কিন্তু কেইদিনমান পিছত এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাত আৰক্ষীয়ে ঘটনাৰ লগত জড়িত তিনিজনক গ্ৰেপ্তাৰ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply