নেশ্যনেল হেৰাল্ড গোচৰত গান্ধী পৰিয়ালৰ সহযোগিতা বিচাৰিলে ন্যায়ালয়ে

নিউজ ডেস্ক: গান্ধী পৰিয়ালৰ লগতে অন্যান্য অভিযুক্তসকলে ইয়ং ইণ্ডিয়ান প্ৰাইভেট লিমিটেড আৰু নেশ্যনেল হেৰাল্ডৰ মালিক পক্ষ এচ’ছিয়েট জাৰ্ণেলছ প্ৰাইভেট লিমিটেডৰ পুঁজি অপব্যৱহাৰত জড়িত থকাৰ অভিযোগ উত্থাপন কৰি বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়ে তৰা গোচৰত সহযোগিতা কামনা কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে | এই গোচৰত অভিযুক্ত হিচাবে আছে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী আৰু তেওঁৰ পুত্ৰ ৰাহুল গান্ধীও।

দিল্লী উচ্চ ন্যায়ালয়ে সোমবাৰে বিজেপিৰ সাংসদ সুব্ৰমণিয়াম স্বামীয়ে দাখিল কৰা এক আবেদনৰ বিচাৰ প্ৰক্ৰিয়াত ছোনীয়া গান্ধী আৰু পুত্ৰ ৰাহুল গান্ধীসহ অন্য অভিযুক্তসকলৰ সহযোগিতাৰ কামনা কৰিছে। দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুৰেশ কাইটে জাননী যোগে বিজেপি সাংসদ সুব্ৰমণিয়াম স্বামীৰ আবেদনৰ সন্দৰ্ভত অহা ১২ এপ্ৰিলৰ ভিতৰত গান্ধী পৰিবাৰ লগতে কংগ্ৰেছৰ সাধাৰণ সম্পাদক অস্কাৰ ফাৰ্ণাণ্ডেজ, চুমন ডুবে, শাম পিট্ৰ’ডা আৰু য়ঙ ইণ্ডিয়াৰ বৰ্তমান সময়ত স্থিতি কি জনাবলৈ কোৱা হৈছে।

সুব্ৰমণিয়াম স্বামীৰ হৈ সত্য সুভ্ৰাৱাল আৰু অভিযুক্তৰ হৈ টাৰানুম চীমাই সোমবাৰে আদালত যুক্তি প্ৰদৰ্শন কৰে | গোচৰটোৰ অহা ১২ এপ্ৰিলত পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,917 other subscribers

Leave a comment

Leave a Reply