নিউজ ডেস্ক– কৰোণা ভাইৰাছৰ পিছতেই দেশত এইবাৰ নতুন সংকটে দেখা দিছে পক্ষীকুলত। বার্ড ফ্লুত আক্ৰান্ত হৈ ৰাজস্থানত মৃত্যু হৈছে বহু সংখ্যক কাউৰীৰ। ৰাজ্য়খনৰ বিভিন্ন জিলাত বিগত আঠদিন ধৰি মৃত্য়ু হৈছে বহুসংখ্য়ক কাউৰীৰ।
ৰাজস্থানৰ মুখ্য সচিব কুঞ্জিলাল মীনাই কয়, এই পর্যন্ত কোটাত ৪৭টা, ঝালৱাৰত এশটা, বাৰানত ৭২টা মৃত কাউৰী উদ্ধাৰ হৈছে। প্রশাসনৰ তৰফৰ পৰা প্রয়ােজনীয় পদক্ষেপ গ্রহণ কৰিছে। পৰিস্থিতি যাতে হাতৰ বাহিৰলৈ নাযায়, তাৰ প্রতি প্রশাসনে দৃষ্টি ৰাখিছে।
ইয়াৰ পৰিপ্ৰেক্ষিততে সাধাৰণ মানুহৰ মাজতাে আতংকই দেখা দিছে। পশুৰ শৰীৰৰ পৰা কিবা প্ৰকাৰে এই ভাইৰাছে মানৱ শৰীৰত আক্রমণ কৰিব পাৰে নেকি, সেয়াও বুজিব পৰা নাই। কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে ৰাজস্থান চৰকাৰক বিশেষ নির্দেশ দিছে। যি যি স্থানত বার্ডফ্লুৰ পৰা মৃত্যুৰ বাতৰি আহিছে, সেইবােৰ স্থানত দ্রুত পৰীক্ষা কৰাৰ নির্দেশ দিয়া হৈছে।
উল্লেখ্য় যে হিমাচল প্রদেশ, মধ্যপ্রদেশতো মৃত্যু হৈছে বহু সংখ্যক কাউৰীৰ। বিগত এসপ্তাহত প্রায় ১২শ পৰিভ্রমী পক্ষীৰ ৰহস্যজনক কাৰণত মৃত্যু হৈছে।
মধ্যপ্রদেশৰ ইন্দোৰৰ এটা শিক্ষা প্রতিষ্ঠানৰ চৌহদত উদ্ধাৰ হয় ৫০টা কাউৰীৰ মৃতদেহ। ইয়াৰ মাজৰ কিছুমানক পৰীক্ষা কৰাত কাউৰীৰ শৰীৰত এইছফাইভএন৮ ভাইৰাছৰ সন্ধান ওলায়। বিগত কিছুদিন ধৰিয়ে ৰাজ্য দুখনৰ কিছু চহৰৰ কাউৰী মহামাৰীৰ কবলত পৰিছে। সেই মৃত কাউৰীৰ শৰীৰতাে পােৱা গৈছে বার্ড ভাইৰাছ।