ধৰ্ষণৰ অভিযোগত অধ্যক্ষক মৃত্যুদণ্ডৰ ঘোষণা Credit: প্ৰতিনিধিত্বমূলক ফটো

নিউজ ডেস্ক– এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণৰ অভিযোগত পাটনাৰ এখন বিদ্যালয়ৰ অধ্যক্ষক মৃত্যুদণ্ডৰ লগতে আৰু বিদ্যালয়খনৰে আন এজন শিক্ষকক আজীৱন কাৰাদণ্ডৰ ঘোষণা।

মহিলা আৰু শিশু মন্ত্ৰালয় বিকাশৰ বিশেষ ন্যায়াধীশ অৱধেশ কুমাৰে সোমবাৰে দিয়া এক ৰায়ৰ ভিত্তিত এই শাস্তিৰ ঘোষণা। দুয়ো পাটনাৰ ফুলৱাৰী শ্বৰিফ অঞ্চলত অৱস্থিত এখন বিদ্যালয়ৰ শিক্ষক আছিল। অধ্যক্ষ অৰবিন্দ কুমাৰক ১ লাখ টকাৰ জৰিমনাৰ লগতে মৃত্যুদণ্ড আৰু অভিষেক কুমাৰক ৫০,০০০ টকাৰ জৰিমনাৰ লগতে আজীৱন কাৰাদণ্ড ঘোষণা কৰা হৈছে।

এই ঘটনাটো সংঘটিত হৈছিল ২০১৮ চনত। বিদ্যালয়খনৰে এগৰাকী ১১বছৰীয়া ছাত্ৰীক দুয়োজন শিক্ষকে ধৰ্ষণ কৰিছিল। পৰৱৰ্তী সময়ত ছাত্ৰীগৰাকী অন্তঃসত্বা হৈছিল।

ছাত্ৰী গৰাকীৰ সঘনাই হোৱা শাৰীৰিক অসুস্থতাৰ বাবে পিতৃ-মাতৃয়ে চিকিৎসকৰ ওচৰলৈ লৈ যাওঁতে পোহৰলৈ আহে এই ঘটনা।

ইয়াৰ পিছতেই ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে মহিলা আৰু শিশু মন্ত্ৰালয় বিকাশ আইন আৰু আইপিচিৰ প্ৰাসঙ্গিক ধাৰাৰ অধীনত এই ঘটনা সন্দৰ্ভত মহিলা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছিল। অৱশেষত দীৰ্ঘদিনীয়া গোচৰৰ ভিত্তিত সোমবাৰে মহিলা আৰু শিশু মন্ত্ৰালয় বিকাশৰ বিশেষ ন্যায়াধীশ অৱধেশ কুমাৰে অধ্যক্ষ গৰাকীক মৃত্যুদণ্ডৰ ঘোষণা কৰাৰ লগতে আনজন অভিযুক্তক আজীৱন কাৰাদণ্ড ঘোষণা কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply