পথ দুৰ্ঘটনাত মহিলা আৰু শিশুসহ নিহত ১৪ জনকৈ লোক

জলপাইগুৰি – পশ্চিম বংগৰ জলপাইগুৰিত ভয়াবহ পথ দুর্ঘটনা। পথ দুৰ্ঘটনাত নিহত হৈছে ১৪ জনকৈ লোক। তিনিখন বাহনৰ মাজত সংঘৰ্ষৰ ফলত সংঘটিত হোৱা পথ দুৰ্ঘটনাত নিহত হয় ১৪ জনকৈ লোক। নিহত সকলৰ ভিতৰত আছে মহিলাসহ ৪ জনকৈ শিশু।

পশ্চিম বংগৰ জলপাইগুৰিৰ অন্তৰ্গত ধূপগুৰিত মঙলাবাৰে নিশা সংঘটিত হয় এক ভয়াবহ পথ দুর্ঘটনা। তিনিখন বাহনৰ মাজত সংঘৰ্ষৰ ফলত নিহত হয় ১৪ জনকৈ লোক। জানিব পৰা মতে জলপাইগুৰিৰ পৰা এক বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱা পথত দুখন বাহনৰ ওপৰত বাগৰি পৰে এখন ট্ৰাক।

শিলভৰ্তি ট্ৰাক এখন নিয়ন্ত্ৰণ হেৰুৱাই বিবাহ অনুষ্ঠানলৈ বিবাহযাত্ৰী কঢ়িয়াই নিয়ে মেজিক আৰু মাৰুটি বাহনৰ ওপৰত বাগৰি পৰে। স্থানীয় ৰাইজে শিলভৰ্তি ট্ৰাকখনৰ তলৰ পৰা বহু লোকক উদ্ধাৰ কৰে যদিও দুৰ্ঘটনাত ১৪ জনকৈ লোকৰ মৃত্যু হৈছে।

দুর্ঘটনৰ পিছতে ৰাষ্ট্ৰীয় ঘাইপথছোৱা বন্ধ কৰি আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক উদ্ধাৰ অভিযান চলাই আহত লোক সকলক চিকিৎসলায়লৈ প্ৰেৰণ কৰে। আহত কেইবাজানো লোকৰ চিকিৎসালয়ত মৃত্যু ঘটে। নিহত সকলৰ ভিতৰত মহিলা আৰু ৪ জনকৈ শিশু থকা বুলিও জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply