Keptain corner

নিউজ ডেস্ক – পিন্ধনত এযোৰ পাইলটৰ পোছাক। হাতত সুস্বাদু খাদ্যৰ প্লেট লৈ বিভিন্ন জনক খাদ্য পৰিৱেশন কৰিছে তেওঁ।

Keptain corner

ব্যক্তি জনৰ এই সুকীয়া শৈলীত অজস্ৰ জনে ভিৰ কৰে তেওঁৰ সৰু খাদ্যৰ ষ্টলখনত। মালয়েছিয়াৰ ৰাজধানী চহৰ কোৱালালামপুৰত অৱস্থিত এখন সৰু দোকান ‘Keptain corner’ ।

ষ্টলখনৰ গৰাকী আজৰীণ মহম্মদ জাবৰী আছিল মালয়েছিয়া এয়াৰলাইন্সৰ বিমান চালক।

Keptain corner

কৰোণা কালৰ সময়ত নিজৰ বিমান চালকৰ চাকৰি হেৰুৱাই এইদৰে খাদ্যৰ ষ্টল দি পোহপাল দিছে পৰিয়ালক।

প্ৰত্যেক দিনাই পুৱাই বগা ইউনিফৰ্ম, মূৰত ক’লা টুপী পৰিধান কৰি তেওঁ নিজৰ সৰু খাদ্যৰ ষ্টল খনলৈ ওলায়।

চাৰি সন্তানৰে সৈতে পত্নীক পোহপাল দিবলৈ আজৰীণ মহম্মদ জাবৰীয়ে এইদৰে কৰ্মসংস্থানৰ পথ বাছি লৈছে।

‘Keptain corner’ ত বিভিন্ন ধৰণৰ সুস্বাদু মালয়েছিয়ান খাদ্য উপলব্ধ।

কৰোণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত আজৰীণ মহম্মদ জাবৰীৰ দৰে বহুলোকে কৰ্মসংস্থাপন হেৰুৱাব লগা হৈছে। এই সন্দৰ্ভত কেপ্তেইন আজৰীণে কয় , ‘সদায় প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগে। জীৱনত কেতিয়াওঁ হাৰ মানিব নালাগে। ক’ব গ’লে মানুহৰ জীৱনতো এখন বিমান উৰুৱাৰ নিচিনাই। সদায় আগলৈ চাই আগবাঢ়িব লাগে।’

পাইলটৰ পোছাকত আজৰীণে খাদ্য পৰিৱেশন কৰা শৈলীৰ বাবে অজস্ৰ জনে ভিৰ কৰেহি ‘keptain stall’ ত । বৰ্তমান ছ’চিয়েল মিডিয়াতো চৰ্চিত হৈছে এই ষ্টলখনলৈ। বহুতে প্ৰশংসাৰে উপচাই পেলাইছে কেপ্তেইন আজৰীণ মহম্মদ জাবৰীক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply