নিউজ ডেস্ক- চীনৰ যুৱকসকলে হুৰাহুৰে বিয়া পাতিছে পাকিস্তানৰ যুৱতীক। এজনৰ পাছত আনজন যুৱক আগবাঢ়ি আহিছে পাকিস্তানৰ জোৱাই হ’বলৈ। ইয়াকলৈ এতিয়া বিভিন্ন মহলত প্ৰশ্নৰ উত্থাপন হৈছে। চীনৰ লোকসকলে বিয়াৰ ক্ষেত্ৰত কিয় পছন্দৰ কৰিছে পাকিস্তানী নাৰীক।
ইয়াৰ মূল কাৰণ অর্থনৈতিক বুলিয়ে বিভিন্ন মহলে ধাৰণা কৰিছে ৷ চীনৰ বিবাহযোগ্য পুৰুষসকলৰ বিয়াৰ বাবে পাকিস্তানী যুৱতী বিচৰাৰ অন্যতম কাৰণ হৈছে দেশখনৰ জনসংখ্যা ক্ষেত্ৰত দেখা দিয়া ক্ৰমহাসমান পৰিস্থিতি।চীনৰ এক সন্তান নীতিৰ বাবে দেশখনে সম্প্ৰতি বহু ভূগিবলগীয়া হৈছে। বিগত ডিচেম্বৰৰ পৰিসংখ্যা অনুসৰি, চীনত বিবাহযোগ্য পুৰুষৰ সংখ্যা বিবাহযোগ্যা নাৰীৰ তুলনাত তিনি কোটিতকৈয়ো অধিক।

আনহাতে,এই পাকিস্তানী নাৰীসকলৰ বেছিভাগেই সংখ্যালঘু সম্প্ৰদায়ৰ। বহু দৰিদ্ৰ জনগোষ্ঠীয়ে দৰিদ্ৰতাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে। বহু পাকিস্তানী যুৱতীয়ে দৰিদ্ৰতাৰ পৰা আঁতৰি আহি এটা স্বচ্ছল জীৱন পোৱাৰ আশাত আন দেশত বিবাহপাশত আবদ্ধ হৈছে। ইয়াৰে গইনা লৈ শেহতীয়াকৈ এনে বিবাহপাশত ধর্মীয় সংখ্যালঘু সম্প্রদায়ৰ যুৱতীসকলক আবদ্ধ হ’বলৈ বাধ্য কৰোৱা হৈছে ৷

পাকিস্তানৰ ধর্মীয় সংখ্যালঘু সম্প্রদায়ৰ যুৱতীসকলক চীনা লোকৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ বাধ্য কৰাইছে অপৰাধী চক্রই৷ এনেদৰে বলপূর্বক বিবাহৰ বলি হোৱা যুৱতীসকলৰ গৰিষ্ঠসংখ্যকেই হৈছে খ্রীষ্টান৷ লাহোৰ, ৰাৱালপিণ্ডি, গুজৰানৱালা, ফৈছলাবাদ, মান্দি বাহাউদ্দিন আদি চহৰৰ পৰা শেহতীয়াকৈ দ্রুতহাৰত এনেদৰে পাক যুৱতীক অপৰাধী চক্রই অপহৰণ কৰি চীনা যুৱকৰ হাতত গতাইছে৷ ইয়াৰ বাবে বৃহৎ অংকৰ ধন লাভ কৰিবলৈ সক্ষম হৈছে অপৰাধী চক্রবোৰে ৷