Credit: বিজেপিৰ অৱস্থা শোচনীয়

গুৱাহাটী – পাঞ্জাৱৰ পৰা আহিছে কংগ্ৰেছ দলৰ বাবে ভাল খবৰ। বিজেপিৰ অৱস্থা শোচনীয়। পাঞ্জাৱৰ পৌৰ নিগম নিৰ্বাচনত কংগ্ৰেছৰ জয় যাত্ৰা। কৃষি আইনৰ প্ৰভাৱ পৰিল নেকি পাঞ্জাৱৰ পৌৰ নিগম নিৰ্বাচনত ?

পাঞ্জাৱৰ পৰা অহা কংগ্ৰেছ দলৰ সাফল্যই উৎসাহী কৰি তুলিছে কংগ্ৰেছ কর্মী সকলক। পাঞ্জাৱৰ পৌৰ নিগম নিৰ্বাচনত কংগ্ৰেছ দলে লাভ কৰা সাফল্য নিশ্চয়কৈ দলটোৰ কর্মী সকলৰ বাবে উৎসাহজনক খবৰ। যোৱা ১৪ ফেব্ৰুৱাৰীত পাঞ্জাৱত অনুষ্ঠিত হৈছিল পৌৰ নিগম নিৰ্বাচন। বুধবাৰে এই নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হয়।

পাঞ্জাৱৰ পৌৰ নিগম নিৰ্বাচনৰ ভোট গণনাত কংগ্ৰেছ দলে বিজেপিক বহু পিছত এৰি আগুৱাই আছে। কংগ্ৰেছ দলে বৰ্তমানলৈকে চাৰিখন পৌৰ নিগম জয়ী হোৱাৰ পৰিবৰ্তে আগুৱাই আছে তিনিখনত। কংগ্ৰেছ দলে ভাটিণ্ডা, পাঠনকোট, হুচিয়াৰপুৰ, কাপুৰথালা পৌৰ নিগম ইতিমধ্যে দখল কৰিছে।

১৪ ফেব্ৰুৱাৰীত পাঞ্জাৱত ৮ খন পৌৰ নিগম আৰু ১০৯ খন পৌৰ সভাৰ বাবে ভোট গ্ৰহণ অনুষ্ঠিত হৈছিল। ইফালে পাঞ্জাৱৰ পৌৰ নিগম আৰু পৌৰ সভাৰ নিৰ্বাচনত বেয়াকৈ মুখ ঠেকেচা খাইছে বিজেপি দলে। বিজেপিৰ এই অৱস্থাৰ বাবে কৃষি আইন বুকিও কব খুজিছে বহুতে।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰ তিনিখন কৃষি আইনৰ বিৰুদ্ধে বৰ্তমানেও কৃষক সকলে প্ৰতিবাদ অব্যাহত ৰাখিছে। তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰথমে পাঞ্জাৱৰ কৃষক সকলে প্ৰতিবাদ আৰম্ভ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply