পুডুছেৰীৰ কংগ্ৰেছ চৰকাৰৰ পতন,পদত্যাগ মুখ্যমন্ত্ৰী নাৰায়ণস্বামীৰ Credit: সদনত সংখ্যাগৰিষ্ঠতা প্ৰমানত ব্যৰ্থ ভি নাৰায়ণস্বামীৰ চৰকাৰ

নিউজ ডেস্ক: কংগ্ৰেছ নেতৃত্বাধীন পুডুচেৰীৰ চৰকাৰৰ পতন ঘটিল | বিধানসভাৰ মজিয়াত আস্থাৰ ভোটত পৰাজয়ৰ সন্মুখীণ হয় ভি নাৰায়ণস্বামী নেতৃত্বত চলা কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ খন | কিছুদিনৰ আগতে কংগ্ৰেছৰ তিনিজনকৈ বিধায়কে পদত্যাগ কৰাত চৰকাৰখনে সংখ্যাগৰিষ্ঠতা হেৰুৱাই |

আজিৰ আস্থাৰ ভোটত শাসকীয় পক্ষই ১২ জনৰ সমৰ্থন লাভ কৰাৰ বিপৰীতে বিৰোধীৰ পক্ষত ১৪ জনে সমৰ্থন জনাই | সদনত পৰাস্ত হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী ভি নাৰায়নস্বামীয়ে পদত্যাগ পত্ৰ দাখিল কৰে ৰাজ্যপাল তামিলিচাই সুন্দৰাজনৰ হাতত | এই চৰকাৰৰ পতনৰ পিছত কংগ্ৰেছ দলৰ নেতৃত্বত থকা দক্ষিণ ভাৰতৰ একমাত্ৰ চৰকাৰ খনৰো পতন হয় |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply