নিউজ ডেস্ক– বিচিচিআইৰ সভাপতি তথা টীম ইন্ডিয়াৰ প্ৰাক্তণ অধিনায়ক সৌৰভ গাংগুলী পুনৰ অসুস্থ হৈ হাস্পতালত ভৰ্তি হৈছে । পুনৰ বুকুৰ বিষত আক্ৰান্ত হৈছে সভাপতি গৰাকী। গাংগুলীক ততাতৈয়াকৈ কলকাতাৰ এপল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
উল্লেখ্য যে সৌৰভ গাংগুলীক হৃদৰোগত আক্ৰান্ত হোৱাৰ বাবে যোৱা ৪ জানুৱাৰীত কলকাতাৰ উদলেণ্ড হস্পিতালত ভৰ্তি কৰোৱা হৈছিল।
৭জানুৱাৰীত সুস্থ হৈ ঘৰলৈ ওভতাৰ পিছত ২৭জানুৱাৰীত বুকুৰ বিষৰ বাবে পুনৰ সৌৰভ গাংগুলীক হস্পিতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান স্বাস্থ্যৰ অৱস্থা সুস্থিৰ যদিও কিছুদিন হাস্পতালতে ৰখা হ’ব গাংগুলীক।