পুনৰ উত্তপ্ত অসম-মিজোৰাম সীমান্ত

হাইলাকান্দি – পুনৰ উত্তপ্ত অসম-মিজোৰাম সীমান্ত। হাইলাকান্দিত অসম-মিজোৰাম সীমান্তত পুনৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। মিজো দুৰ্বৃত্তই জ্বলাই দিলে অসমৰ অৰ্ধশতাধিক লোকৰ ঘৰ। দুৰ্বৃত্তৰ আক্ৰমণত আহত হৈছে প্ৰায় ১৫ জনকৈ লোক।

অসম আৰু মিজোৰামৰ মাজত অব্যাহত আছে সীমা বিবাদ। বিগত কিছুদিন ধৰি দুই ৰাজ্যৰ মাজত চলি আছে সীমা বিবাদ। অসম আৰু মিজোৰামৰ মাজত চলি থকা সীমা বিবাদে কিছুদিন পূৰ্বে ভয়াবহ ৰূপ ধাৰণ কৰিছিল। সীমা বিবাদক কেন্দ্ৰ কৰি হাইলাকান্দিত অসম-মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্তই অসমৰ বাসিন্দাক আক্ৰমণ চলাই জ্বলাই দিছিল বহু লোকৰ বাসগৃহ।

অসম আৰু মিজোৰামৰ সীমা বিবাদে পুনৰ উত্তপ্ত ৰূপ ধাৰণ কৰিছে। মঙলাবাৰে নিশা হাইলাকান্দিত অসম-মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্তই পুনৰ আক্ৰমণ চলায় অসম সীমান্তত বসবাস কৰা লোকৰ ওপৰত। নিশাৰ ভাগত মিজো দুৰ্বৃত্তই অসমত বসবাস কৰা লোকৰ ওপৰত আক্ৰমণ চলাই জ্বলাই দিয়ে অৰ্ধশতাধিক লোকৰ ঘৰ। মিজো দুৰ্বৃত্তৰ আক্ৰমণত অসমৰ ১৫ জনকৈ লোক আহত হোৱা বুলিও জানিব পৰা গৈছে।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী পথ নিৰ্মাণ আঁচনিৰ অধীনত অসম-মিজোৰামৰ সীমাত এটা পথ নিৰ্মাণৰ কাম চলি আছে। এই পথ নিৰ্মাণক কেন্দ্ৰ কৰি অসম-মিজোৰাম সীমান্তত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। মিজো সংগঠন আৰু মিজো আৰক্ষীয়ে পথ নিৰ্মাণত বাধা দিয়াত অসমৰ ৰাইজৰ লগত মিজো সংগঠন আৰু মিজো আৰক্ষীৰ সংঘাতৰ সৃষ্টি হয়। ইয়াৰ পিছতে অসমৰ ৰাইজক আক্ৰমণ চলায় মিজো সংগঠন আৰু মিজো আৰক্ষীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply