সুন্দৰী সাংসদ নুছৰত জাহানৰ সৈতে অভিনেতা যশ দাসগুপ্তৰ প্ৰেম

নিউজ ডেস্ক– বাংলা চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সাংসদ নুছৰত জাহান পুনৰ চৰ্চাৰ শীৰ্ষলৈ আহিছে। অভিনেতা যশ দাসগুপ্তৰ সৈতে নুছৰতৰ প্ৰেমৰ সম্পৰ্কৰ খবৰকলৈ চৰ্চা চলিছে বিভিন্ন মহলত।

ছ’চিয়েল মিডিয়াত অভিনেত্ৰী গৰাকীয়ে সঘনাই প’ষ্ট কৰিব লৈছে অভিনেতা যশ দাসগুপ্তৰ সৈতে ফটো। অভিনেত্ৰী নুছৰত জাহানৰ এটাৰ পিছত আনটো নতুন পোষ্টক লৈ চলিছে ব্যাপক চৰ্চা। এতিয়া ভাইৰেল হৈ পৰিছে নুছৰত-যশ দাসগুপ্তৰ ফটো।

অৱশ্যে এই সন্দৰ্ভত দুয়ো মুকলিকৈ কোনো কথা প্ৰকাশ কৰা নাই দুয়োগৰাকীয়ে। আনহাতে নুছৰতে ফটোবোৰৰ কেপচনত লিখা ‘HIS’ ব্যক্তিজন কোন বা কাক উদ্দেশ্যি লিখিছে, সেয়া স্পষ্ট কৰা নাই নুছৰতে।

ইফালে নুছৰত জাহান স্বামী নিখিল জৈনৰ সম্পৰ্কৰ অন্ত পৰিবলৈ ধৰিছে । নিখিল–নুছৰতৰ সম্পৰ্কক লৈ মুকলিকৈ কোনোৱে একো নক’লেও, সেই সম্পৰ্কত যে ঘূণে ধৰিছে সেয়া বুজিবলৈ কাৰো বাকী নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply