‘আমাজন’ৰ মুখ্য কার্যবাহী বিষয়া জেফ বেজ’ছ Credit: ফাইল ফটো

নিউজ ডেস্ক– অনলাইন বাণিজ্যিক সংস্থা ‘আমাজ’ন’ৰ মুখ্য কার্যবাহী বিষয়া জেফ বেজ’ছে পুনৰ বিশ্বৰ আটাইতকৈ ধনীৰ ব্যক্তিৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ মাত্র কিছুদিন পূর্বে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে চিহ্ণিত হৈছিল টেছলা তথা স্পেচ এক্স কোম্পানীৰ চিইঅ’ৰ এল’ন ম’স্কে৷

মঙলবাৰে পুনৰ এল’ন ম’স্কক অতিক্রম কৰি বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত শীর্ষস্থান দখল কৰিছে জেফ বেজ’ছে ৷ জেফ বেজ’ছৰ বর্তমান মুঠ সম্পত্তি হৈছে ১৯১.২ শ কোটি ডলাৰ ৷ ভাৰতীয় মুদ্রাৰ হিচাপত বেজ’ছৰ ধনৰ পৰিমাণ ১৩ লাখ ৯০ হাজাৰ ৯০০ কোটি টকা ৷ ম’স্কৰ সম্পত্তি বেজ’ছতকৈ ৬,৯৫০ কোটি টকা কম ৷ এলন ম’স্কৰ সম্পত্তিৰ পৰিমাণ হ্রাস পাইছে ২.৪ শতাংশ ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply