নিউজ ডেস্ক- সাধাৰণ লোকৰ মূৰত ৰাম টাঙোন সোধাই এমাহত দুবাৰকৈ বাঢ়িল ৰন্ধন গেছৰ মূল্য। প্ৰতিটো চিলিণ্ডাৰত বৃদ্ধি পালে ৫০টকাকৈ। এটা মাহতে সৰ্বমুঠ ৭৫ টকালৈ বৃদ্ধি পালে গেছ চিলিণ্ডাৰৰ দাম।
উল্লেখ্য় যে, কেন্দ্ৰীয় চৰকাৰৰ নতুন নিয়ম অনুসৰি প্ৰতিমাহে এলপিজি চিলিণ্ডাৰৰ দাম প্ৰতিমাহে সলনি হোৱাৰ সম্ভাৱনা আছে। ইফালে আজিৰ দিনটোত পেট্ৰল-ডিজেলৰ দামো বৃদ্ধি পাইছে। প্ৰতি লিটাৰ পেট্ৰ’লত ২৬পইচা আৰু প্ৰতিলিটাৰ ডিজেলত ২৯পইচাকৈ বৃদ্ধি পালে।