নিউজ ডেস্ক– লাডাখৰ পেংগো হ্ৰদৰ দুয়োপাৰৰ পৰা ভাৰত-চীনৰ সৈন্য সমাৱেশ আঁতৰোৱাৰ কাম সম্পূৰ্ণ হৈছে। দুয়োখন দেশে হ্ৰদটোৰ দুয়োপাৰৰ পৰা সৈন্য আঁতৰাই সীমান্তৰ দুয়োপাৰে ন’ পেট্ৰ’ল জ’ন হিচাপে ঘোষণা কৰা সিদ্ধান্ত লৈছিল । দুয়ো দেশে দীৰ্ঘদিনে চলি থকা সংঘৰ্ষৰ অৱসান ঘটোৱাৰ দিশে খোজ দিছে।
বিগত কিছুদিন ধৰি পেংগো হ্ৰদৰ দুয়োপাৰৰ পৰা দুয়ো দেশৰ সৈন্যক আঁতৰ কৰা কাম আৰম্ভ কৰিছিল। কিছুদিন পূৰ্বে এটা ভিডিঅ’ ওচৰলৈ আহিছিল য’ত ভাৰতীয় আৰু চীনা সেনাৰ টেংকবোৰ লাদাখৰ বৰ্তমান পৰিস্থিতিৰ পৰা আতৰোৱা হৈছিল। শেহতীয়াকৈ উপগ্ৰহীয় এক আলোকচিত্ৰত দেখা গৈছে যে, জানুৱাৰী মাহত চীনা সৈন্যৰ যিবোৰ শিবিৰ সীমান্তত দেখা গৈছিল সেইবোৰ আঁতৰাই নিয়া হৈছে।
ডেপছাং, হট স্প্ৰীং আৰু গোগৰাৰ পৰা সৈন্য আঁতৰোৱাৰ বিষয়ে শনিবাৰে দশম লানি ছিনিয়ৰ কমাণ্ডাৰ পৰ্যায়ৰ বৈঠকত আলোচনা কৰিব।
অবশেষত চীনৰ চৰকাৰে লাডাখত ভাৰতীয় সেনাৰ আক্ৰমণত ৪ জন পিএলএৰ সৈনিক নিহত হোৱাৰ কথা স্বীকাৰ কৰিছে।বিগত বৰ্ষৰ ১৫ জুনত লাডাখৰ গালোৱান ভেলীত ভাৰতীয় সেনাৰ সৈতে চীনৰ সেনাৰ সংঘৰ্ষ হৈছিল।
চীনৰ চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি উক্ত সংঘর্ষত পিএলএৰ সৈনিক চেন হংজুন,চেন জিয়াগ্রং,জিয়াও চিয়ুৱান আৰু ৱাং জুৰান নিহত হৈছিল।গালোৱান ভেলীত নিহত চীনৰ জোৱান কেইজনক চীনৰ চৰকাৰে মৰণোত্তৰ ভাবে সন্মানিত কৰাৰ কথাও আজি চৰকাৰী সূত্ৰটোৱে প্ৰকাশ কৰে। বিগত ১৫ জুনত গালোৱান উপত্যকাত চীনা সেনাৰ পৰিকল্পিত আক্ৰমণত বিহাৰ ৰেজিমেণ্টৰ কামাণ্ডিং অফিচাৰকে ধৰি ২০ গৰাকী বীৰ ভাৰতীয় জোৱান শ্বহীদ হৈছিল।