সাংসদ সুব্ৰমণিয়াম স্বামী

নিউজ ডেস্ক– কেন্দ্ৰীয় বৃত্তমন্ত্ৰীয়ে ২০২১-২২ৰ বৃত্তীয় বাজেট দাখিলৰ পাছতেই ৰাজ্যসভাৰ সাংসদ বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়ে চুবুৰীয়া ৰাষ্ট্ৰ নেপাল আৰু শ্ৰীলংকাৰ সৈতে ভাৰতৰ ইন্ধনৰ মূল্যৰ তুলনা কৰি টুইটাৰত এখন ফটো পোষ্ট কৰে। ইয়াৰ পিছতেই ভাইৰেল হৈ পৰে সুব্ৰমণিয়াম স্বামীৰ টুইট।

টুইটটোত লিখা আছিল, “ৰামৰ ভাৰতত পেট্ৰ’ল ৯৩ টকা, সীতাৰ নেপালত ৫৩ টকা আৰু ৰাৱনৰ লংকাত ৫১ টকা”।

সোমবাৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত প্ৰতি লিটাৰ পেট্ৰ’লত ২.৫ টকা আৰু প্ৰতি লিটাৰ ডিজেলত চাৰি টকাকৈ কৰ আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল।

ইয়াৰ পিছতে বিজেপিৰ জ্যেষ্ঠ নেতা গৰাকীয়ে মঙলবাৰে এটা টুইটৰ জৰিয়তে এখন ফটো শ্বেয়াৰ কৰা পৰিলক্ষিত হয়।

সুব্ৰমণিয়াম স্বামী দেশত বৰ্ধিত পেট্ৰ’লিয়ামৰ মূল্যত সুখী নহয় স্পষ্টভাৱে তাকেই প্ৰকাশ কৰে। ইফালে, মেট্ৰ’ চহৰসমূহত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য একেৰাহে ষষ্ঠ দিনৰ বাবে অপৰিৱৰ্তিত হৈ আছিল।

দিল্লী আৰু মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ক্ৰমান্বয়ে ৮৬.৩০ টকা আৰু ৯২.৮৬ টকা। আনহাতে দিল্লীত প্ৰতি লিটাৰ ডিজেলৰ মূল্য আছিল ৭৬.৪৮ টকা আৰু প্ৰতি লিটাৰ ক্ৰমান্বয়ে হয়গৈ ৮৩.৩০ টকা , যি নেকি চাৰিখন মেট্ৰ’ৰ ভিতৰত সৰ্বাধিক।

পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৯০ টকা অতিক্ৰম কৰাটো চৰকাৰৰ দ্বাৰা ৰাইজৰ ওপৰত চৰম শোষণ বুলি ইয়াৰ পূৰ্বেও মন্তব্য কৰিছিল স্বামীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply