নিউজ ডেস্ক– বৃহস্পতিবাৰে নিশা ১০বাজি ১৫মিনিটত এক প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল কৰ্ণাটকৰ শিবমোগা। এই বিস্ফোৰণত অতি কমেও ৮ জন লোকৰ মৃত্যু হয়। এই বিস্ফোৰণটোৰ তীব্ৰতা ইমানেই বেছি আছিল যে বহুলোকৰ ঘৰৰ খিৰিকিৰ আইনা ভাঙি পৰাৰ লগতে পথ আৰু ঘৰত ফাটো মেলিছে।

আৰক্ষীৰ অনুসন্ধানৰ মতে এই বিস্ফোৰণটো শিবমোগা চহৰৰ পৰা ৫কি.মি দূৰত্বত সংঘটিত হৈছে। এখন ট্ৰাকত কঢ়িয়াই অনা জিলেটিন বিস্ফোৰণৰ ফলত এই ঘটনা সংঘটিত হয়।

কিন্তু আন একাংশৰ মতে ডিনামাইট বিস্ফোৰণৰ ফলত সংঘটিত হৈছে এই ঘটনা।

এই বিস্ফোৰণৰ তীব্ৰতা ইমানেই বেছি আছিল যে পাৰ্শ্বৱৰ্তী চিকমাগালুৰ আৰু দাভানগেৰে জিলাতো কম্পন অনুভূত হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও এই ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰিছে। তেওঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনায় আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়েও মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে । লগতে এই ঘটনাৰ উচিত তদন্তৰ বাবেও দাবী জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply