বৃদ্ধি পাইছে শীতৰ প্ৰকোপ

নিউজ ডেস্ক- ক্ৰমাৎ বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। হাড় কপোৱা জাৰে কপাইছে সমগ্ৰ উত্তৰ ভাৰতৰ লগতে দিল্লী-এনছিআৰ অঞ্চলসমূহ। কুঁৱলীৰ আস্বাদনে ঢাকি ৰাখিছে উত্তৰ ভাৰত।

দিল্লীত বুধবাৰ নিম্নতম তাপমাত্ৰা ৪.৮ ডিগ্ৰী ছেলছিয়াছ । ইফালে বুধবাৰৰ দিনটোত দেশৰ ৰাজধানী ঘন কুঁৱলীয়ে আবৰি ৰাখিছে । পঞ্জাৱ, হাৰিয়ানা,উত্তৰাখণ্ড,জম্মু আৰু কাশ্মীৰ, স্থান, উত্তৰাখণ্ডতো নামিছে প্ৰচণ্ড শীত।

পৰৱৰ্তী চাৰিৰ পৰা পাঁচ দিনৰ বাবে শীতৰ সম্ভাৱনা প্ৰকাশ কৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অ’ৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। দিল্লীসহ পঞ্জাৱ, হাৰিয়ানা, চণ্ডিগড় আৰু ৰাজস্থানত শীতৰ প্ৰকোপ বৃদ্ধি পাব বুলি ভৱিষ্যতবাণী কৰিছে বতৰ বিজ্ঞান বিভাগে । ইয়াৰ উপৰিও, উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশত শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে ।

সমান্তৰালভাৱে অসমতো পৰিছে প্ৰচণ্ড শীতৰ প্ৰকোপ। পূৰ্বৰ বৰ্ষৰ তুলনাত এইবাৰ হাড় কপোৱা জাৰে কপাই গৈছে সমগ্ৰ অসমবাসীক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply