নিউজ ডেস্ক– ৭২ সংখ্যক গণতন্ত্ৰ দিৱসৰ পেৰেডত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হ’ব লাডাখৰ প্ৰতীকপট। এইবাৰ গণতন্ত্ৰ দিৱসৰ পেৰেডত লেহ জিলাৰ থিকছেৰ এখন পাহাৰৰ ওপৰত থকা থিকছে বৌদ্ধ মঠৰ প্ৰতিৰূপ দেখা যাব। লগতে হানলেত থকা মান মন্দিৰটোও দেখা পোৱা যাব।
আনহাতে গণতন্ত্ৰ দিৱসৰ পেৰেডত অসমৰ প্ৰতীকপট হিচাপে দেখা পোৱা যাব অসমৰ চাহ।

ইতিমধ্য়ে গণৰাজ্য দিৱস পালন কৰাৰ বাবে সকলো প্ৰকাৰেৰে প্ৰস্তুত হৈছে ভাৰতবৰ্ষ। মঙলবাৰে ভাৰতীয় সেনাৰ সমান্তৰালকৈ গণৰাজ্য দিৱসৰ পেৰেডত ভাগ ল’ব বাংলাদেশ আৰ্মড ফ’ৰ্চেছৰ ১২২ জোৱানে। মূল কাৰ্যসূচীত ভাৰতৰ সৈতে প্ৰথমবাৰৰ বাবে অংশ ল’ব বাংলাদেশে। ১৯৭১ চনৰ যুদ্ধত ভাৰতীয় সেনাই কৰা ত্যাগৰ কথা সোঁৱৰি পেৰেডত অংশ ল’ব বাংলাদেশে।

২০১৬ চনত ফ্ৰান্সৰ, ২০১৭ চনত ইউএইৰ পিছত এনেদৰে বিদেশৰ সামৰিক বাহিনীয়ে তৃতীয়বাৰৰ বাবে ভাৰতত গণৰাজ্য দিৱসৰ পেৰেডত অংশ ল’ব। বাংলাদেশৰ এই সামৰিক বাহিনীক নেতৃত্ব দিব কৰ্ণেল ম’হটাচ্ছিম হাইডাৰ চৌধুৰীয়ে। ইফালে পেৰেডত অংশ লোৱাৰ পূৰ্বে বাংলাদেশৰ পৰা অহা লোকসকলে কভিড কেন্দ্ৰীক পৰিস্থিতিৰ বাবে এদিন কোৱাৰেন্টাইন হৈ থাকিব লাগিব।