বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে চিকিৎসা বিজ্ঞানতো যেন সকলো সম্ভৱ হৈ উঠিছে।

কেৰালাৰ এগৰাকী তৃতীয়লিংগৰ যুৱকে এটি সন্তান জন্ম দিয়াৰ দৰে এক আশ্চৰ্যকৰ ঘটনা পোহৰলৈ আহিছে। এইটো ভাৰতৰ প্ৰথম ট্ৰেন্সজেণ্ডাৰ দম্পতী, যিয়ে সন্তান জন্ম দিছে। আনহাতে এই দম্পতীহালে নিজে বুধবাৰে সকলোকে পিতৃ-মাতৃ হোৱাৰ কথা ঘোষণা কৰে।

জানিব পৰা মতে, ট্ৰে ন্সজেণ্ডাৰ দম্পতীহাল হৈছে কেৰালাৰ কোজিকোডৰ বাসিন্দা। তেওঁলোকৰ নাম জাহাদ আৰু জিয়া পাভাল। ২৩ বছৰীয়া জাহাদ আৰু ২১ বছৰীয়া জিয়া। তেওঁলোকে যোৱা তিনি বছৰ ধৰি একেলগে বাস কৰি আছে। জিয়াৰ জন্ম ল’ৰা হিচাপে হৈছিল আৰু পিছত  তেওঁ ছোৱালী লৈ পৰিণত হয় আৰু জাহাদ এজনী ছোৱালীৰ পৰা ল’ৰালৈ ৰূপান্তৰিত হৈছে। পাভালে তেওঁৰ সঙ্গী জাহাদ আঠ মাহৰ গৰ্ভৱতী হোৱাৰ কথাটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল।

আনহাতে, জিয়া পাভালে বিষয়টোৰ সন্দৰ্ভত কৈছে যে, “শিশুটি বুধবাৰে পুৱা ৯.৩০ বজাত চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত অস্ত্ৰোপচাৰৰ জৰিয়তে জন্ম হৈছে। জাহাদ আৰু শিশু দুয়োৰে স্বাস্থ্য সুস্থিৰ অৱস্থাত আছে। অৱশ্যে,  শিশুটিৰ লিংগ পৰিচয় এতিয়াও ভাগ-বতৰা কৰা হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply