ত্ৰিপুৰাৰ অন্যতম প্ৰধান আঞ্চলিক দল ইণ্ডিজেনাছ নেচনেলিষ্ট পাৰ্টি অৱ টুইপ্ৰা (INPT)-এ প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মন নেতৃত্বাধীন টিপ্ৰাচা ইণ্ডিজেনাছ প্ৰগ্ৰেছিভ ৰিজিঅ’নেল এলায়েন্স (TIRPA)-ৰ সৈতে চামিল হোৱাৰ সিদ্ধান্ত লৈছে।

TIRPAৰ নেতা তথা ত্ৰিপুৰাৰ ৰাজপৰিয়ালৰ উত্তৰাধিকাৰ প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে বৃহস্পতিবাৰে এই কথা ঘোষণা কৰি ইয়াক নিৰ্বাচনোত্তৰ একত্ৰীকৰণ বুলি অভিহিত কৰে।

TIRPAৰ সভাপতি প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মন আৰু INPT সভাপতি বিজয় কুমাৰ ৰাংখেলৰ উপস্থিতিত বৃহস্পতিবাৰে উজ্জয়ন্ত প্ৰসাদত অনুষ্ঠিত এখন সংবাদমেলত এই কথা ৰাজহুৱা কৰা হয়।

দেৱবৰ্মনে কয়, ‘একতা (ঠানছা)-ৰ লক্ষৰে আমি যোৱা কেইটামান মাহ ধৰি আলোচনা চলাই আছিলো। সাধাৰণতে ৰাজনৈতিক দলবিলাকে কেৱল নিৰ্বাচনৰ আগতহে মিত্ৰতা কৰে, কিন্তু নিৰ্বাচনটো শেষ হৈ যোৱাৰ পিছত কোনেও সম্প্ৰদায়টোক লৈ বা একতাক লৈ চিন্তা নকৰে।’  

‘এইয়া যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ ৬ মাহ আগলৈকে (ৰাজ্যখনত) ৭টাৰ পৰা ৮টা আঞ্চলিক দল আছিল, কিন্তু এতিয়া কেৱল এটা বা দুটা দলহে আছে। বৃহত্তৰ টিপ্ৰালেণ্ডৰ স্বাৰ্থত ত্ৰিপুৰাৰ আটাইতকৈ পুৰণি দলটোৱে আমাৰ সৈতে চামিল হ’বলৈ গ্ৰহণ কৰা এই সিদ্ধান্ত এক ঐতিহাসিক সিদ্ধান্ত,’ তেওঁ লগতে কয়।

আনহাতে, INPT সভাপতি গৰাকীয়ে এই একত্ৰীকৰণত আনন্দ প্ৰকাশ কৰি কয়, ‘আমি সুখী যে আমাৰ সভাপতিৰ নেতৃত্বত আমি স্বায়ত্ত শাসিত জিলা পৰিষদ (ADC)-ৰ নিৰ্বাচনত জয়লাভ কৰো।’

উল্লেখযোগ্য যে যোৱা এপ্ৰিলত অনুষ্ঠিত ত্ৰিপুৰা জনজাতীয় স্বায়ত্ত শাসিত জিলা পৰিষদৰ নিৰ্বাচনত (TTAADC) TIRPA আৰু INPT দল একলগ হৈ প্ৰতিদ্বন্দিতাত নামিছিল। তেওঁলোকে শাসকীয় বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক পৰাস্ত কৰি পৰিষদৰ মূঠ ২৮খন আসনৰ ১৮খনত জয়লাভ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply