নিউজ ডেস্ক– ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমেৰিকা যুক্তৰাষ্ট্ৰই সন্মানিত কৰিছে ‘লিজিয়ন অফ মেৰিট’ সন্মানৰে। আমেৰিকাত থকা ভাৰতীয় ৰাষ্ট্ৰদূত তৰনজিত সিং সান্ধুৱে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ হোৱাইট হাউচত এই সন্মান গ্ৰহণ কৰে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতা ৰবাৰ্ট অ’ ব্ৰায়ানৰ পৰা ভাৰতৰ ৰাষ্ট্ৰদূত গৰাকীয়ে পুৰস্কাৰটো গ্ৰহণ কৰে। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ ৰণনৈতিক সম্পৰ্ক উন্নীত কৰা ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সন্মানিত কৰিছে নৰেন্দ্ৰ মোদীক।
ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰিও ৰাষ্ট্ৰপতি ট্ৰাম্পে অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰপতিলৈয়ো ‘লিজিয়ন অফ মেৰিট’ সন্মান আগবঢ়ায়।উল্লেখযোগ্য যে, ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কাৰ্য্যকালত ভাৰত আৰু আমেৰিকাৰ মাজত ভালেসংখ্যক সামৰিক আৰু অসামৰিক চুক্তি স্বাক্ষৰ হৈছিল। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজৰ কেমেষ্ট্ৰীয়ে বিশেষ চৰ্চাও লাভ কৰিছিল।