মেঘালয়– পৰ্যটকৰ বাবে সুদীৰ্ঘ ৯ মাহৰ বিৰতিৰ অন্তত মুকলি হ’ল মেঘালয়ৰ দুৱাৰ।কোভিডৰ সংক্ৰমণৰ বাবেই দীৰ্ঘসময় ধৰি পৰ্যটক সকলৰ বাবে পাহাৰীয়া ৰাজ্যখনলৈ অহা যোৱা বন্ধ কৰি ৰাখিছিল | বৰ্তমান সময়ত পৰিস্থিতি কিছু স্বাভাবিক হোৱালৈ চাই সোমবাৰে পুনৰ মুকলি কৰি দিয়া হয়। পৰ্যটক সকলৰ বাবে পুনৰ মুকলি কৰি দিলেও ৰাজ্যখনৰ পৰ্যটন বিভাগে এই ক্ষেত্ৰত বিশেষ নিৰ্দেশনা প্ৰস্তুত কৰি উলিয়াইছে।

এই উপলক্ষ্যে ৰিভ’ই জিলাত আয়োজিত অনুষ্ঠানত মেঘালয়ৰ উপ-মুখ্য মন্ত্ৰী প্ৰেষ্টন টাইছং, মন্ত্ৰী এইছ ড’হলিংকে ধৰি বহু সংখ্যক লোক মুকলি অনুষ্ঠানত উপস্থিত থাকে। বহুদিনৰ পৰা আশা কৰি থকা পৰ্যটক সকলে ইতিমধ্যে প্ৰৱেশ স্থানত ভিৰ কৰিছে |
The Umling Facilitation Centre at #RiBhoi District was inaugurated today by Hon’ble Deputy CM, Sh. P. Tynsong, Hon’ble Minister Sh. H. Dohling, Hon’ble MLAs and officials. #Meghalaya reopens for #Tourism today & our tourists have already checked in at the Centre.@narendramodi pic.twitter.com/7LcOxWHBch
— Conrad Sangma (@SangmaConrad) December 21, 2020
মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাইয়ে টুইটাৰযোগে পৰ্যটক সকলক মেঘালয়লৈ আদৰণি জনায়। শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ ৰাজ্য়খনত ঠায়ে ঠায়ে তুষাৰপাত পৰা দেখা গৈছে।
পৰ্যটক সকলৰ বাবে মুকলি কৰি দিছে যদিও যাব বিচৰা সকলে কেতবোৰ নীতি নিয়ম পালন কৰাটো বাধ্যতামূলক কৰিছে | মেঘালয় ভ্ৰমণলৈ আহিব বিচৰা সকলো পৰ্যটকে মেঘালয় টুৰিষ্ট এপত বাধ্যতামূলক পঞ্জীয়ন কৰি ই-ইনভাইট গ্ৰহণ কৰিব লাগিব। তাৰ পিছতহে ভ্ৰমণ কৰিব পাৰিব |