ফাষ্টটেগ নাথাকিলে দিব লাগিব জৰিমনা Credit: সোমবাৰৰ পৰা গাড়ীত ফাষ্টটেগ লাগিবই

গুৱাহাটী – ফাষ্টটেগ নাথাকিলে দিব লাগিব জৰিমনা। ফাষ্টটেগ অবিহনে টোলগেট পাৰ কৰিলে দিব লাগিব দুগুণ জৰিমনা। সোমবাৰৰ পৰা গাড়ীত ফাষ্টটেগ লাগিবই।

এতিয়াৰে পৰা ফাষ্টটেগ নথকা গাড়ী টোলগেট পাৰ কৰিব নোৱাৰিব। ফাষ্টটেগ নথকা গাড়ীয়ে টোলগেটত ভৰিব লাগিব দুগুণ জৰিমনা। টোলগেটৰ কৰ্মচাৰীক বেয়া ব্যৱহাৰ কৰিলে ১ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব তেতিয়াৰে পৰা।

দেওবাৰে মাজ নিশাৰ পৰা নতুন নিয়ম কাৰ্যকৰী কৰা হৈছে। এই নতুন নিয়ম অনুসৰি ফাষ্টটেগ নথকা গাড়ী টোলগেট পাৰ কৰিলে দুগুণ জৰিমনা বিহাৰ লগতে তুলগেটৰ কৰ্মচাৰীক বেয়া ব্যৱহাৰ কৰিলে ১ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব।

গাড়ীৰ ফাষ্টটেগ লগোৱাৰ নিয়ম ২০১৬ চনৰ পৰা আৰম্ভ কৰা হৈছিল যদিও সোমবাৰৰ পৰা এই নিয়ম বাধ্যতামূলক কৰা হৈছে। দেশৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা প্ৰায় ৪২৪ টা টোলগেটত ফাষ্টটেগৰ ব্যৱস্থা বলবৎ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply