বলীউদ অভিনেতাৰ আত্মহত্যা Credit: ইষ্ট ম'জ'

নিউজ ডেস্ক– পুনৰ বলীউদত এগৰাকী অভিনেতাৰ মৃত্যুৰ সন্দৰ্ভত চাঞ্চল্য। এটা ন মিনিটৰ ভিডিঅ’ ফেচবুকত প’ষ্ট কৰি আত্মহত্যা কৰে এগৰাকী অভিনেতাই। অভিনেতা সন্দীপ নাহাৰে সোমবাৰে সন্ধিয়া ফেচবুকত এটা ভিডিঅ’ আৰু এখন “ছুইচাইদ নোট” পোষ্ট কৰে। ইয়াৰ কিছু সময়ৰ পিছতেই অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ পোৱা গৈছিল।

ভিডিঅ’টোত অভিনেতাজনে পত্নীৰ সৈতে কাজিয়া কৰা দেখা গৈছিল। অভিনেতাগৰাকীক পত্নী আৰু শাহুৱে ব্লেকমেইল কৰা বুলি দোষাৰোপ কৰি হতাশাত ভুগিছে বুলি উল্লেখ কৰিছে।

লগতে ছুইচাইড নোটত লিখা আছিল, “মই বহু দিন আগতে ভাবিছিলো আত্মহত্যা কৰিম, কিন্তু মই অলপ নিজকে সময় দিবলৈ ঠিক কৰিছিলো। আশা ৰাখিছিলো যাতে যে সকলোবোৰ ঠিক হ’ব, কিন্তু তেওঁলোক ঠিক হোৱা নাছিল। কিন্তু মই নৰকৰ মাজত জীয়াই আছো। মোৰ কেৱল এটাই অনুৰোধ আছে মই যোৱাৰ পিছত অনুগ্ৰহ কৰি কাঞ্চনক (তেওঁৰ পত্নী) যাতে কোনেও একো নকয় ।”

লগতে ছুইচাইদ নোটত তেওঁ বলিউডত সন্মুখীন হোৱা ৰাজনীতি , অপেছাদাৰী কাৰ্যকলাপ আৰু উদ্যোগত কাম কৰা লোকসকলৰ আবেগৰ অভাৱৰ বিষয়ে উল্লেখ কৰা আছিল।

ফেচবুকত অভিনেতাগৰাকীয়ে মৃত্যুৰ প্ৰায় তিনি ঘণ্টা আগতে ভিডিঅ’টো প’ষ্ট কৰিছিল । সন্ধিয়া তেওঁৰ পত্নী কাঞ্চন আৰু বন্ধুসকলে আহি অভিনেতা গৰাকীক অজ্ঞান অৱস্থাত দেখা পায়। তেতিয়ালৈকে তেওঁৰ মৃত্যু ঘটে বুলি পত্নীয়ে আৰক্ষীক উল্লেখ কৰে।

উল্লেখ্য় যে অভিনেতা সন্দীপ নাহাৰক অক্ষয় কুমাৰৰ “কেশৰী” আৰু সুশান্ত সিং ৰাজপুত অভিনীত “এম এছ ধোনী”ত দেখা গৈছিল।
অভিনেতাজনৰ মৃত্যুৰ সন্দৰ্ভত বৰ্তমান অধিক তদন্ত চলি আছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতহে এই ঘটনা সন্দৰ্ভত তথ্য় পোহৰলৈ আহিব বুলি আৰক্ষীয়ে উল্লেখ কৰে।

অভিনেতাজনৰ মৃত্যুয়ে পুনৰ বলীউদত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply