‘জাল্লিকাট্টু’ অনুস্থিত কৰাৰ অনুমতি প্ৰদান তামিলনাডু চৰকাৰৰ

নিউজ ডেস্ক– তামিলনাডু চৰকাৰে অৱশেষত বহু বিতৰ্কিত ‘জাল্লিকাট্টু’ অনুস্থিত কৰাৰ অনুমতি প্ৰদান কৰে। কভিড১৯ ৰ সকলো নীতি নিৰ্দেশনা অনুসৰি সমগ্ৰ ৰাজ্য খনতে অনুস্থিত কৰা হ’ব ষাঁড় যুঁজৰ খেল ‘জাল্লিকাট্টু’ প্ৰতিযোগিতা। নিৰ্দেশনা অনুসৰি, জাল্লিকাট্টু, মাঞ্জুভিৰাটো আৰু ভাডামাডু অনুষ্ঠানত কেৱল ৩০০ ষাঁড় যুঁজাৰুকহে অংশগ্ৰহণ কৰাৰ অনুমতি দিয়া হ’ব। ‘জাল্লিকাট্টু’ হ’ল তামিলনাডুৰ পৰম্পৰাগত ষাঁড় যুঁজৰ খেল। পোংগাল উত্সৱ উপলক্ষে আয়োজন কৰা হয় এই খেল।

এৰুধু বিজুম ভিজা (পাৰম্পৰিক বুল ৰেচ) ত, কেৱল ১৫০জন প্ৰতিযোগীকহে অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া হ’ব। সকলোৱে মাস্ক পৰিধান কৰাটো বাধ্য়তামূলক। সকলো খেলুৱৈয়ে ক’ভিড-১৯ পৰীক্ষা কৰিব লাগিব আৰু নিগেটিভ ওলালেহে অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া হ’ব৷

কেইবাবছৰ ধৰি এই অনুষ্ঠান বিতৰ্কৰ আৱৰ্তত আছে। ২০১৪ চনতো উচ্চতম ন্য়ায়ালয়ে ‘জাল্লিকাট্টু’ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছিল। কিন্তু উচ্চতম ন্য়ায়ালয়ৰ এই নিৰ্দেশৰ তীব্ৰ বিৰোধিতা কৰিছিল তামিলনাডুবাসীয়ে। জাল্লিকাট্টু অনুষ্ঠিত কৰিবলৈ ৰাজ্য়খনত প্ৰতিবাদো সাব্য়স্ত কৰিছিল। অৱশেষত তামিলনাডু চৰকাৰে জাল্লিকাট্টু অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply