নিউজ ডেস্ক– প্ৰাক্তণ ‘মিছ ৱৰ্ল্ড’ আৰ্জেন্টিনাৰ নুৰ্মা কাৰ্পেগ্লীৰ মৃত্য়ু। যোৱা ১৭ ডিচেম্বৰত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হৈছিল মডেল গৰাকী। মূৰত আঘাত অত্য়াধিক পোৱাত ক’মাত আছিল নুৰ্মা। ৬দিন মৃত্য়ুৰ সৈতে যুঁজি যুঁজি অৱশেষত মৃত্য়ুক সাবতি লয় নুৰ্মাই।

নুৰ্মা কাৰ্পেগ্লী ‘মিছ ৱৰ্ল্ড’ খিতাপ লাভ কৰা আৰ্জেন্টিনাৰ প্ৰথম গৰাকী মডেল আছিল। ১৯৬০ চনত লণ্ডনত অনুষ্ঠিত মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত বিশ্ব সুন্দৰীৰ খিতাপ লাভ কৰিছিল নুৰ্মাই। মডেলৰ লগতে নুৰ্মা এগৰাকী গায়িকায়ো আছিল। নুৰ্মাই ‘ছেক্সি ৱৰ্ল্ড ‘ নামৰ জনপ্ৰিয় গীতটোতো কন্ঠ নিগৰাইছিল।

গাড়ী চালকৰ অসাৱধানতাৰ বাবে নুৰ্মাৰ এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি নুৰ্মাৰ ভতিজী কাৰ্লোৱে মন্তব্য় কৰে। নুৰ্মাৰ মৃত্য়ুৰ ঘটনা সন্দৰ্ভত ২৮ বছৰীয়া এজন বাছ চালকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।