বৰপেটা – কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ ধাৰাবাহিক আন্দোলন। কৃষক আন্দোলনৰ মাজতে গণৰাজ্য দিৱসৰ দিনা কৃষকৰ ট্ৰেক্টৰ ৰেলী। টেক্টৰ ৰেলীত হিংসাত্মক ঘটনা আৰু ইয়াৰ মাজতে লালকিল্লাত নিচান চাহিব উত্তোলন। লালকিল্লাত নিচান চাহিব উত্তোলনৰ পিছতে দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। দিল্লীৰ হিংসাত্মক ঘটনা আৰু লাকিল্লাত নিচান চাহিব উত্তোলনৰ তদন্তন অব্যাহত থকাৰ মাজতে গৃহদপ্তৰৰ ষড়যন্ত্ৰ অনুসৰি বিজেপিৰ এজন জ্যেষ্ঠ নেতাৰ নেতৃত্বত দিল্লীৰ লালকিল্লাত নিচান চাহিব উত্তোলন কৰাৰ অভিযোগ উত্থাপন কৰিছে বৰপেটা জিলা কৃষক সভাই৷
দিল্লীৰ কৃষক আন্দোলনৰ প্ৰতি অসম ৰাজ্যিক কৃষক সভাৰ সমৰ্থন। শনিবাৰে কৃষি আইন বাতিলৰ দাবীত বৰপেটাত কৃষক সভাই অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। দিল্লীৰ কৃষক আন্দোলনৰ সমৰ্থনত নিখিল ভাৰত কৃষক সভাই দেশজুৰি আহ্বান জনোৱা অনশন ধৰ্মঘট কাৰ্যসূচীৰ অংশ হিচাপে বৰপেটাতো ৰূপায়ন কৰা হয় অনশন ধৰ্মঘট কাৰ্যসূচী৷ বৰপেটাত নিখিল ভাৰত কৃষক সভাৰ অনশনস্থলীত কৃষি আইন বাতিলৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয়।
বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলে অনশন কাৰ্যসূচীত অংশগ্ৰহন কৰি কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইন তিনিখনক কৃষক বিৰোধী ক’লা আইন আখ্যা দি দেশবাসীক ঐক্যৱদ্ধ হৈ কৃষি আইনৰ বিৰুদ্ধে থিয় হ’বলৈ আহ্বান জনায়৷ অনশনস্থলীত প্ৰতিবাদকাৰী সকলে কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী আইন নচলিব, কৃষক বিৰোধী ক’লা আইনৰ বিৰুদ্ধে সকলো মানুহ এক হওক, ইনক্লাৱ জিন্দাবাদ, কৃষক ঐক্য জিন্দাবাদ আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
ইফালে গণৰাজ্য দিৱসৰ দিনা দিল্লীৰ লালকিল্লাত সংঘটিত হোৱা ঘটনা সন্দৰ্ভৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৃষক আন্দোলনক মষিমুৰ কৰাৰ উদ্দেশ্যৰেই কেন্দ্ৰীয় চৰকাৰৰ গৃহদপ্তৰৰ ষড়যন্ত্ৰ অনুসৰি বিজেপিৰ এজন জ্যেষ্ঠ নেতাৰ নেতৃত্বত দিল্লীৰ লালকিল্লাত নিচান চাহিব উত্তোলন কৰাৰ অভিযোগ উত্থাপন কৰে বৰপেটা জিলাৰ কৃষক সভাই৷ কৃষক আন্দোলনক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰি কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰক ধিক্কাৰ দিয়ে কৃষক সভাই৷
আনহাতে প্ৰতিবাদকাৰী সকলে আজিৰ এই দিনটোতে আৰএছএছৰ গুণ্ডাসকলে জাতিৰ পিতা মহাত্মা গান্ধীক গুলীয়াই হত্যা কৰা বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী কৃষক সকলে৷ শ্বহীদ দিৱসৰ এই দিনটোতে কৃষি আইন বাতিলৰ দাবীত সমগ্ৰ দেশতে আহ্বান জনোৱা অনশন কাৰ্যসূচীৰ অংশহিচাপে বৰপেটাতো অনশন কাৰ্যসূচী গ্ৰহণ কৰা হয়৷