নিউজ ডেস্ক– বিনামূলীয়া হ’ব ৰন্ধন গেছ। মাত্ৰ ৩১ জানুৱাৰী পৰ্যন্তহে বিনামূলীয়া হ’ব এল পি জি চিলিণ্ডাৰ। ‘পে টিএম’ৰ জৰিয়তে চিলিণ্ডাৰ বুক কৰা গ্ৰাহকে বিনামূলীয়াকৈ লাভ কৰিব গেছ চিলিণ্ডাৰ। এই অ’ফাৰৰ অধীনত গ্ৰাহকে মাত্ৰ এবাৰ ‘পে টিএম’ ৰ জৰিয়তে গেছ চিলিণ্ডাৰ বুক কৰিব লাগিব। Paytmৰ এই অ’ফাৰ সকলো প্ৰতিষ্ঠানৰ গেছ কানেকশ্যনৰ বাবেই উপলব্ধ।
৩১ জানুৱাৰী পৰ্যন্ত ‘পে টিএম’য়ে আগবঢ়াইছে এই আকৰ্ষণীয় অ’ফাৰ। এই অ’ফাৰৰ জৰিয়তে গেছ চিলিণ্ডাৰৰ যিমান টকা হ’ব, সিমান টকা আপোনাক উভতাই দিয়া হ’ব।এই সুযোগ ল’বলৈ আপোনাৰ ম’বাইলত ‘পে টিএম’ এপ ডাউনলোড কৰিব লাগিব।
লগতে পেমেণ্ট কৰাৰ পূৰ্বে অফাৰত লিখিব লাগিব ‘FIRSTLPG’ প্ৰোমো ক’ড।