বিভাজন ঘটিল কৃষক সংগঠনৰ

দিল্লী – বিভাজন ঘটিল কৃষক সংগঠনৰ। দিল্লীত কৃষকৰ ট্ৰেক্টৰ ৰেলী হিংসাত্মক ৰূপ ধাৰণ কৰাৰ পিছতে বিভাজন ঘটিল কৃষক সংগঠনৰ। দুটাকৈ কৃষক সংগঠনে দিল্লী সীমান্তত চলি থকা কৃষক আন্দোলনৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

গণৰাজ্য দিৱসৰ দিনা দিল্লীত কৃষকৰ ট্ৰেক্টৰ ৰেলী হিংসাত্মক ৰূপ ধাৰণ কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ তিনিখন কৃষি আইনৰ বিৰুদ্ধে কৃষক সকলে বিগত দুমাহ ধৰি দিল্লীৰ সীমান্তত শান্তিপূৰ্ণ আন্দোলন চলাই থকাৰ মাজতে কৃষক সকলে গণৰাজ্য দিৱসৰ দিনা কৃষি আইনৰ বিৰুদ্ধে উলিয়াইছিল এক ট্ৰেক্টৰ ৰেলী।

দিল্লীত কৃষকৰ ট্ৰেক্টৰ ৰেলী হিংসাত্মক ৰূপ লোৱাৰ পিছত এৰিয়া দিল্লী সীমান্তত চলি থকা কৃষকৰ আন্দোলনৰ আঁতৰি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দুটাকৈ কৃষক সংগঠনে। ৰাষ্ট্রীয় কিষাণ মজদূৰ সংগঠন আৰু ভাৰতীয় কিষাণ ইউনিয়নে আন্দোলনৰ পৰা আঁতৰি অহাৰ ঘোষণা কৰিছে।

ৰাষ্ট্রীয় কিষাণ মজদূৰ সংগঠনৰ অধ্যক্ষ সিঙে কয় যে “এইদৰে আন্দোলন নচলিব। আমি ইয়াৰ মানুহক শ্বহীদ কৰিবলৈ অথবা মাৰ খাবলৈ অহা নাই।” ৰাষ্ট্রীয় কিষাণ মজদূৰ সংগঠনৰ অধ্যক্ষ গৰাকীয়ে লগতে কয় যে দিল্লীৰ হিংসাত্মক ঘটনাৰ লগত আমাৰ কোনো সম্পৰ্ক নাই।

উল্লেখ্য যে গণৰাজ্য দিৱসৰ দিনা কৃষক সকলে লাখ লাখ ট্রেক্টৰ লৈ এক ট্ৰেক্টৰ ৰেলী উলিয়াইছিল। পৰৱৰ্তী সময়ত এই ট্ৰেক্টৰ ৰেলী হিংসাত্মক ৰূপ লোৱাত এজন কৃষকৰ মৃত্যু হোৱাৰ লগতে কেইবাগৰাকী কৃষক আৰু আৰক্ষী আহত হয়। এতিয়া কৃষক আন্দোলনৰ নেতা সকলৰ মাজত বিভাজন হোৱা পৰিলক্ষিত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply