বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ শীৰ্ষ ২৫ত নাম নাই গৌতম আদানীৰ। আমেৰিকাৰ গৱেষণা সংস্থা হিণ্ডেনবাৰ্গৰ ২৪ জানুৱাৰীত এক প্ৰতিবেদন প্ৰকাশ কৰিছিল। এই প্ৰতিবেদন চৰ্চালৈ অহাৰ পিছতে আদানী গ্ৰুপৰ ব্যৱসায়িক সাম্ৰাজ্যত তীব্ৰ জোকাৰণিৰ সৃষ্টি হয়। কাৰণ তেঁওৰ সকলো কোম্পানীৰ শ্বেয়াৰ দ্ৰুতগতিত হ্ৰাস পাবলৈ ধৰে।
বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি হিচাপে পৰিগণিত হোৱা গৌতম আদানী এতিয়া ব্লুমবাৰ্গ বিলিয়নাৰৰ সূচাংকত ২৯ নম্বৰ স্থানত অৱস্থান কৰিছে। বৰ্তমান গৌতম আদানীৰ মুঠ সম্পত্তি পৰিমাণ হৈছে মাত্ৰ ৪২.৭ বিলিয়ন ডলাৰ।
এই বিপৰ্যয়ৰ মাজতে উত্তৰ প্ৰদেশত বিদ্যুৎ মিটাৰৰ সৈতে জড়িত আদানীৰ চুক্তি বাতিল হৈছে। ইয়াৰ পিছতে ডি বি পাৱাৰ-পিটিচি ইণ্ডিয়াৰ সৈতে হোৱা চুক্তিখনো বাতিল হয়। এতিয়া অৰিয়েণ্ট চিমেণ্টেও আদানীৰ গ্ৰুপৰ সৈতে থকা চুক্তি বাতিল কৰিছে।
এক প্ৰতিবেদন অনুসৰি চি কে বিৰলা গ্ৰুপৰ কোম্পানী অৰিয়েণ্ট চিমেণ্টে আদানী পাৱাৰ মহাৰাষ্ট্ৰৰ সৈতে হোৱা চুক্তি বাতিল কৰিছে। কোৱা হৈছে যে আদানী গ্ৰুপে এই চুক্তিৰ বাবে প্ৰয়োজনীয় ক্লিয়াৰেন্স লাভ কৰাত ব্যৰ্থ হৈছে।