বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি এলন মাস্ক

নিউজ ডেস্ক– বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি হিচাপে অন্তৰ্ভুক্ত হ’ল এলন মাস্ক। এমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছক পিছ পেলাই তালিকাৰ শীৰ্ষত উপনীত হ’ল এলন মাস্ক। মাস্কৰ নেটৱৰ্থ বৃহস্পতিবাৰে ১৮৮.৫ আৰৱ ডলাৰ হয়গৈ, এয়া বেজছতকৈ ১.৫আৰৱ ডলাৰ অধিক। ইলেক্ট্ৰনিক কাৰ নিৰ্মাণ কৰা কম্পেনী টেচলাৰ শ্বেয়াৰ বৃহস্পতিবাৰে ৪.৮শতাংশ ওপৰলৈ উঠে।

যোৱা ১নৱেম্বৰ,২০২০ চনত মাস্কে বিল গেটছক (Bill Gates) চেৰ পেলাই বিশ্বৰ দ্বিতীয় সকলোতকৈ ধনী ব্যক্তিৰ আসনত বহিছিল। উল্লেখ্য যে, বিশ্বজুৰি সকলোতকৈ ধনী ব্যক্তিৰ প্ৰতিদিনে হিচাপ কৰি ৰেংকিং নিৰ্ধাৰণ কৰা ব্লুমবাৰ্গ বিলিনেয়াৰে মূলতঃ আৰৱপতিসকলৰ বৰ্তমানৰ মুঠ সম্পত্তিৰ আধাৰত ৰেংকিং কৰে। এই তালিকাত ৫০০জন আৰৱৰ ধনী ব্যক্তিক অন্তৰ্ভুক্ত কৰা হৈছিল।

বিগত ১২মাহত এলন মাস্কৰ সম্পত্তি ১৫০ আৰৱ ডলাৰ তকৈও বেছি বাঢ়িছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply