নিউজ ডেস্ক– অনলাইন গেম প্ৰচাৰ বন্ধ কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী, দক্ষিণৰ অভিনেত্ৰী তামান্না ভাটিয়া আৰু মালায়ালম অভিনেতা অজু ভাৰ্গিজক কেৰালা উচ্চ ন্যায়ালয়ে জাননী প্ৰেৰণ কৰিছে। অনলাইন ৰামি গেমৰ ব্ৰেণ্ড এম্বেছাডৰ হোৱা বাবে তেওঁলোক তিনিজনলৈ এই জাননী প্ৰেৰণ কৰিছে।

এই অনলাইন ৰামি গেমৰ প্ৰতি যুৱকসকলৰ আসক্তি বাঢ়ি আহিছে। উল্লেখ্য যে কোচিৰ
পিয়ুল ভডক্কন নামৰ এজন লোকে আদালতত অনলাইন ৰামি গেমৰ আইনী নিষেধাজ্ঞা বিচাৰি এই আবেদনখন দাখিল কৰিছিল। তেওঁ দাবী কৰিছিল যে এই খেলবিধ আইন বিৰোধী আৰু ইয়াক নিয়ন্ত্ৰণলৈ অনাটো কঠিন। এনে খেল চলাই থকা কিছুমান দুষ্ট চক্ৰই যুৱকসকলক আকৰ্ষিত কৰিবলৈ আৰু এই খেলৰ জনপ্ৰিয়তা বাঢ়িবলৈ তেওঁলোকে চেলিব্ৰেটিসকলক ব্য়ৱহাৰ কৰিছে। টিভিটো এই খেলৰ বিজ্ঞাপন প্ৰচাৰ কৰা হৈছে।

আবেদনখনত কোৱা হৈছিল যে তেওঁলোকক ইয়াত বহুতে জালিয়াতিৰ বাবে আহে আৰু খেলি থকা লোকে নিজৰ সঞ্চয় হেৰুৱাই আছে।

আদালতে প্লে গেমছ ২৪x৭ আৰু ম’বাইল প্ৰিমিয়াৰ লীগলৈ জাননী প্ৰেৰণ কৰিছে যিয়ে ৰমি গেম চলাইছিল। কোহলী ম’বাইল প্ৰিমিয়াৰ লীগৰ ব্ৰেণ্ড এম্বাছেডৰ হৈ থাকোঁতে তামান্নাই এটা বিজ্ঞাপনত অভিনয় কৰিছিল। মালায়ালম অভিনেতা অজু ভাৰ্গিছে ৰমি গেমক সমৰ্থন কৰিছে।

এনেধৰণৰ অনলাইন গেম সমাজৰ বাবে বিপজ্জনক বুলি আদালতে উল্লেখ কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply