ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰোত আৰক্ষী আৰু সন্দেহযুক্ত ড্ৰাগছ মাফিয়াৰ মাজত প্ৰচণ্ড গুলীয়াগুলী চলাৰ খবৰ আহিছে।

বৃহস্পতিবাৰে চলা এই গুলীয়াগুলীৰ ঘটনাত কমেও ২৫জন লোকৰ মৃত্যু হৈছে বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে।

নিহতসকলৰ ভিতৰত ১জন আৰক্ষী বিষয়াও আছে। প্ৰাণ হেৰোৱা বাকী লোককেইজন ড্ৰাগছ মাফিয়া গোটৰ সদস্য আৰু ইয়াৰ ভিতৰত কেইগৰাকীমান ড্ৰাগছ মাফিয়াৰ নেতাও আছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

উল্লেখযোগ্য যে ৰিঅ’ ডি জেনেইৰোত কেইবা দশক ধৰি ড্ৰাগছ মাফিয়া সংক্ৰান্তীয় হিংসাত্মক ঘটনা ঘটি আহিছে, বৃহস্পতিবাৰে চলা আৰক্ষীৰ অভিযান যোৱা ১৬ বছৰৰ আটাইতকৈ ভয়ংকৰ অভিযান।

আনহাতে উক্ত হিংসাত্মক ঘটনাক এমনেষ্টি ইণ্টাৰনেচনেলকে ধৰি কেইবাটাও মানৱাধিকাৰ সংগঠনে নিন্দা কৰিছে।

Human Rights Watch (HRW)-এ উক্ত ঘটনাৰ এক বিতং আৰু স্বতন্ত্ৰ তদন্তৰ দাবী তুলিছে। সংস্থাটোৰ মতে চলিত বৰ্ষৰ প্ৰথম ৩টা মাহত আৰক্ষীৰ অভিযানত কমেও ৪৫৩ গৰাকী লোকে প্ৰাণ হেৰুৱাইছৈ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply