নিউজ ডেস্ক– পুনৰ ভাৰতত তাণ্ডৱ চলাব পাৰে কৰোণাই। বৃটেইনৰ পৰা ভাৰতলৈ ওভতি অহা ২০গৰাকী লোকৰ শৰীৰত ধৰা পৰিছে মাৰাত্মক কৰোণা ভাইৰাছৰ উপস্থিতি। দিল্লী, আহমেদাবাদ, কলকাতা আৰু চেন্নাই বিমান বন্দৰত যাত্ৰী সকলৰ স্বাস্থ্য় পৰীক্ষাত ধৰা পৰে কৰোণা ভাইৰাছ। ইতিমধ্য়ে বৃটেইনত অতি সংক্ৰামক ভি ইউ আই ২০২০১২/০১ প্ৰজাতিৰ কৰোণা ভাইৰাছে তীব্ৰ ৰূপ ধাৰণ কৰিছে।

ভাৰততো কৰোণা সংক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২২ডিচেম্বৰ মাজনিশা ১১বাজি ৫৯ মিনিটৰ পৰা ৩১ ডিচেম্বৰ নিশা ১১বাজি ৫৯ মিনিটলৈ ভাৰত-বৃটেইনৰ মাজত চলা সকলো বিমান চলাচল বন্ধ কৰি দিছে। চৰকাৰৰ ঘোষণা মতে ইংলেণ্ডৰ পৰা ২১ ডিচেম্বৰৰ পৰা ২৩ ডিচেম্বৰৰ ভিতৰত ভাৰতলৈ অহা সকলো যাত্ৰীৰে আৰ টি পি চি আৰ পৰীক্ষা কৰাটো বাধ্য়তামূলক।

বিমান বন্দৰত কৰা স্বাস্থ্য় পৰীক্ষাত কৰোণা ভাইৰাছ ধৰা পৰা ২০ গৰাকী যাত্ৰীৰ ভিতৰৰ ৬ গৰাকী একেখন বিমানৰে আছিল। ৰবিবাৰে লণ্ডনৰ পৰা কলকাতালৈ অহা বিমানখনৰ দুগৰাকী যাত্ৰীৰ শৰীৰত ধৰা পৰে কৰোণা ভাইৰাছ, লণ্ডনৰ পৰা আহমেদাবাদলৈ অহা ৪ গৰাকী, অমৃতসৰলৈ অহা ৭ গৰাকী যাত্ৰীৰ শৰীৰত ধৰা পৰে কৰোণা ভাইৰাছৰ উপস্থিতি।

এই খবৰে পুনৰ চিন্তিত কৰি তুলিছে সমগ্ৰ দেশবাসীক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply