নিউজ ডেস্ক– ‘বলিউদ কুইন’ কংগনা ৰাণাৱত বিগত কিছুদিন ধৰি তেওঁৰ বিভিন্ন মন্তব্য়ৰ বাবে সংবাদমাধ্য়মৰ শিৰোনামা দখল কৰি আহিছে। ছ’চিয়েল মিডিয়াত আজিকালি প্ৰায়ে সক্ৰিয় হৈ থাকে অভিনেত্ৰীগৰাকী । বিভিন্ন ধৰণৰ টুইটৰ মাধ্য়মৰে কংগনাই শত্ৰু পক্ষক আক্ৰমণ কৰি আহিছে। এই লৈ বিভিন্ন মহলত বিশেষভাৱে চৰ্চিত হৈ আহিছে অভিনেত্ৰীগৰাকী। শেহতীয়াকৈ কংগনাই কংগ্ৰেছ সাংসদ শশী থাৰুৰ আৰু অভিনেতা কমল হাছানক উভতি ধৰি টুইটাৰত এটা মন্তব্য় কৰে। এই টুইটে এতিয়া তীব্ৰ চৰ্চা লাভ কৰিছে ছচিয়েল মিডিয়াত।
‘গৃহিনীসকলক ঘৰৰ কাম কৰাৰ বাবদ বেতন দিয়াৰ ব্য়ৱস্থা কৰিব লাগে’ অভিনেতা কমল হাছানে কৰা এই মন্তব্য়ত সমৰ্থন কৰে কংগ্ৰেছ সাংসদ শশী থাৰুৰে। কমল হাছানে লগতে কয় তামিলনাডুৰ নিৰ্বাচনত তেওঁৰ দল যদি জয়ী হয় তেনেহ’লে গৃহিনীসকলক ঘৰৰ কাম কৰাৰ বাবদ বেতন দিয়াটো প্ৰযোজ্য় কৰিব লাগিব।
I welcome @ikamalhaasan’s idea of recognising housework as a salaried profession, w/the state govt paying a monthly wage to homemakers. This will recognise & monetise the services of women homemakers in society, enhance their power& autonomy & create near-universal basic income.
— Shashi Tharoor (@ShashiTharoor) January 5, 2021
কমল হাছানক সমৰ্থন কৰি টুইটটো কৰে সাংসদ শশী থাৰুৰে।
পিছে কংগনায়ো চুপ হৈ বহি নাথাকিল। কংগনাই শশী থাৰুৰ টুইটটোৰ মন্তব্য় কৰি লিখে, ‘ভাৰতীয় মহিলাৰ মৰমত প্ৰাইজ টেগ নলগাব। আপোনসকলৰ যত্ন লোৱা আৰু মমতাময়ী নাৰীক মূল্য়ৰ লগত তুলনা নকৰিব। আমাক এখন ঘৰত থাকিবলৈ বেতনৰ প্ৰয়োজন নাই। সকলো বস্তুকেই ব্য়ৱসায়ৰ লগত তুলনা নকৰিব। এগৰাকী মহিলাক মৰম আৰু সন্মানৰ প্ৰয়োজন, বেতনৰ নহয়।
Don’t put a price tag on sex we have with our love, don’t pay us for mothering our own, we don’t need salary for being the Queens of our own little kingdom our home,stop seeing everything as business. Surrender to your woman she needs all of you not just your love/respect/salary. https://t.co/57PE8UBALM
— Kangana Ranaut (@KanganaTeam) January 5, 2021
উল্লেখ্য় যে , অভিনেত্ৰী কংগনা ৰাণাৱতে সম্প্ৰতি ব্য়স্ত হৈ আছে তামিলনাডুৰ প্ৰাক্তণ মুখ্য়মন্ত্ৰী জয়াললিতাৰ জীৱনৰ আধাৰত নিৰ্মিত এখন চিনেমাৰ শ্বুটিঙত ব্য়স্ত হৈ আছে।