নিউজ ডেস্ক – চীন-ভাৰত সীমান্তৰ সীমা বিবাদৰ সমস্যা সমাধান হোৱাৰ দিশে আগবাঢ়িছে। দীৰ্ঘদিন ধৰি দুয়োখন দেশৰ মাজত চলি অহা সীমা বিবাদৰ সমস্য়াৰ অন্ত পৰিব বুলি সেনাৰ প্ৰধানে জনাইছে। দুয়োখন দেশৰ ফালৰ পৰাই পূ্ৰ্ব লাডাখৰ পৰিস্থিতি বৰ্তাই ৰাখিবলৈ আলোচনাত মিলিত হৈছে।
৬ নৱেম্বৰত চুশুলত কেম্প-কমাণ্ডাৰ অষ্টম পৰ্যায়ত আলোচনাত এই বিষয়ে আলোচনা কৰা হৈছিল। চীন-ভাৰতৰ দুয়োখন দেশৰ সেনাই এপ্ৰিল-মে মাহৰ দৰে তেওঁলোকৰ পুৰণি স্থিতিলৈ ঘূৰি আহিব।
দুয়ো দেশৰ শান্তি শৃংখলা অটুত ৰখা সন্দৰ্ভত এখন আঁচনি প্ৰস্তুত কৰা হৈছে। তিনিটা পৰ্যায়ত এই আঁচনি খন ভাগ কৰা হৈছে ।
প্ৰথম পৰ্যায়ত পেংগাং হ্রদৰ অঞ্চলৰ দুয়োখন দেশৰে সশস্ত্ৰ বাহনীৰ যুদ্ধৰ টেংকাৰ সমূহ এল অ চিৰ পৰা পিছুৱাই যাব লাগিব। । দ্বিতীয় পৰ্যায়ত দুয়োখন দেশে পেংগং লেকৰ উত্তৰ প্ৰান্তৰ পৰা তেওঁলোকৰ সেনাক পিছুৱাই আনিব। চীনে নিজৰ সৈন্য়ক পূৰ্বৰ ঠাইলৈ লৈ যাব আৰু ভাৰতে নিজৰ সৈন্য়ক ধ্য়ান সিংহ প্ৰশাসনিক ব্ল’কৰ কাষলৈ লৈ আহিব। তৃতীয় পৰ্যায়ত পেংগাং হ্রদৰ দক্ষিণ অঞ্চলৰ দুয়োখন দেশৰে সেনাই পিছুৱাই যাব লাগিব।
অৱশ্য়ে এইবাৰ ভাৰতীয় সেনা কিছু সতৰ্কও হৈ আছে। কিয়নো চীনা সৈন্য়ই গালৱানত ভাৰতীয় সৈন্য়ৰ ওপৰত আক্ৰমণ কৰিছিল আৰু এই আক্ৰমণত ২০ জন ভাৰতীয় সৈন্য় নিহত হৈছিল।
পিছে দুয়োপক্ষই আঁচনিখনৰ বাবে এইবাবেও সন্মত হৈছে কিয়নো বৰ্তমান পূৱ লাডাখৰ শৃংগবোৰত প্ৰবল তুষৰপাত হৈ আছে। প্ৰায় ১৫-১৬ হেজাৰ উচ্চতাত, তাপমাত্ৰা মাইনাচ ৪৫ ডিগ্ৰী পৰ্যন্ত হয়। ইয়াৰ ফলত দুয়ো দেশৰ সেনা সকলে বহু সমস্য়াৰ সন্মুখীন হ’ব লগা হয়।