নিউজ ডেস্ক- ভাৰতীয় সেনা বাহিনীৰ হাতত অৰ্পণ কৰা হ’ব দেশীয়ভাৱে নিৰ্মাণ কৰা এক অত্যাধুনিক মাৰণাস্ত্ৰ। অন্যান্য অত্যাধুনিক পিস্তলতকৈ এই মাৰণাস্ত্ৰ অধিক কাৰ্যক্ষম হ’ব বুলি দাবী কৰিছে DRDOএ।
এই মাৰণাস্ত্ৰবিধ ভাৰতীয় সেনাবাহিনীৰ লগতে আইটিবিপি, এছএছবি, চিআৰপিএফ আৰু বিএছএফ জোৱানক অৰ্পণ কৰা হ’ব ।
এই পিস্তলটো নিৰ্মাণ কৰা হৈছে উৰাজাহাজত ব্যৱহাৰ কৰা উন্নত মানৰ এলুমিনিয়ামৰ লগতে অতি মজবুত তথা পাতল ওজনৰ কাৰ্বন ফাইবাৰেৰে।
ইয়াৰ মূল্য হ’ব প্ৰায় ৫০ হাজাৰ টকাৰ হোৱাৰ সম্ভাৱনা আছে ।
উল্লেখ্য যে আত্মনিৰ্ভৰ ভাৰতৰ অধীনত ২০২৫ বৰ্ষৰ ভিতৰত ৫ বিলিয়ন এই অত্যাধুনিক মাৰণাস্ত্ৰবিধ নিৰ্মাণৰ লক্ষ্য ধাৰ্য কৰি লোৱা হৈছে।
প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা(DRDO) আৰু ভাৰতীয় সেনাবাহিনীৰ যৌথ প্ৰচেষ্টাত এই অত্যাধুনিক মাৰণাস্ত্ৰ বিধ নিৰ্মাণ কৰা হৈছে। অতি শীঘ্ৰেই ভাৰতীয় সেনাৰ হাতত অত্যাধুনিক মাৰণাস্ত্ৰ বিধ অৰ্পন কৰা হ’ব বুলি দেশৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে সদৰী কৰে।