নিউজ ডেস্ক– পূব লাডাখৰ গালবান উপত্যকাত বিগত বছৰ ভাৰতীয় সৈন্যৰ আক্ৰমণত নিহত হৈছিল বহুকেইগৰাকী চীনা সৈন্য। সেই সংঘৰ্ষৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰে চীনা সংবাদ মাধ্যম গ্লোবেল টাইমছে। ভিডিঅ’ শ্বেয়াৰ কৰি ভাৰতীয় সৈন্যই চীনা সৈন্যৰ ওপৰত আক্ৰমণ কৰা অভিযোগ উত্থাপন কৰে । লগতে নিহত হোৱা চীনা সেনা কেইজনৰ ফটো শ্বেয়াৰ কৰে চীনে।
On-site video of last June’s #GalwanValley skirmish released.
It shows how did #India’s border troops gradually trespass into Chinese side. #ChinaIndiaFaceoff pic.twitter.com/3o1eHwrIB2— Shen Shiwei沈诗伟 (@shen_shiwei) February 19, 2021
চীনৰ এজন বিশ্লেষকে ৩মিনিট ২০ ছেকেণ্ডৰ এটা ভিডিঅ শ্বেয়াৰ কৰি এই সন্দৰ্ভত কয় যে ভাৰতীয় সেনাই চীনৰ সীমাত অবৈধ ভাবে সোমাবলৈ চেষ্টা কৰিছিল। এই ভিডিঅ’ টোৰ জৰিয়তে চীনে ভাৰতৰ ওপৰত অভিযোগ দি এইটোকে বুজাবলৈ চেষ্টা কৰিছে যে ভাৰতীয় সেনাই চীনৰ লগত যুঁজিবলৈ আগবাঢ়ি আহিছিল আৰু অবৈধ ভাৱে চীনৰ সীমাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। সেই সন্দৰ্ভত চীনে আলোচনা কৰিবলৈ আগবাঢ়ি অহাত চীনা সৈন্যক ভাৰতীয় সৈন্যই আক্ৰমণ কৰিছিল। এই সংঘৰ্ষত কেইবাজনো চীনা সেনা নিহত হৈছিল। পিছে এই সন্দৰ্ভত ভাৰতে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই।
ইফালে ভাৰত-চীনে লাডাখৰ পেংগো হ্ৰদৰ দুয়োপাৰৰ পৰা সৈন্য আঁতৰাই সীমান্তৰ দুয়োপাৰে ন’ পেট্ৰ’ল জ’ন হিচাপে ঘোষণা কৰা সিদ্ধান্ত লৈছিল । দুয়ো দেশে দীৰ্ঘদিনে চলি থকা সংঘৰ্ষৰ অৱসান ঘটোৱাৰ দিশে খোজ দিছে। সেই সময়তে চীনে প’ষ্ট কৰা এনে ধৰণৰ ভিডিঅ’য়ে কি ইংগিত দিছে তাক লৈ এতিয়া চৰ্চা হৈছে।