নিউজ ডেস্কঃ ভাৰতত পথৰ ওপৰত আটাইতকৈ ডাঙৰ সমস্যাসমূহৰ ভিতৰত এটা হৈছে যান-জঁট। এই যান-জঁট সমূহ পথত থকা গাঁত, নতুন দলং নিৰ্মাণ আদি বিভিন্ন কাৰণত সৃষ্টি হয়। কিন্তু ইয়াৰ আৰু এটা কাৰণ হৈছে শৃংখলাবদ্ধভাৱে বাহন নচলোৱা আৰু যান-বাহন আইন নমনা একাংশ লোকৰ বাবে।
তাৰ মাজতে ভাইৰেল হৈ পৰিছে এখন ফটো। ফটোখন দিল্লী বা মুম্বাইৰ নহয়, অসমৰে চুবুৰীয়া ৰাজ্য মিজোৰামৰহে। ফটোখনত দেখা গৈছে যে, পথৰ মাজত থকা বগা ৰঙৰ ৰেখা কেইডাল অৰ্থাৎ পথটোৰ বাওঁদিশেৰে যোৱা কোনো এখন বাহনেই নিয়ম অমান্য কৰা নাই।
বহু কেইখন চাৰিচকীয়া আৰু দুচকীয়া বাহন পথটোত আছে যদিও কোনো লোকে পথটোৰ সোঁদিশৰ ফালে গৈ অশৃংখলভাৱে বাহন চলোৱা নাই। চাৰিচকীয়া বাহনৰ পাছত শাৰীকৈ কেৱল চাৰিচকীয়া বাহন আৰু দুচকীয়া বাহনৰ পাছফালে শাৰী পাতি দুচকীয়া বাহনসমূহ গৈ আছে। এখনো বাহনে অভাৰটেক কৰা পৰিলক্ষিত হোৱা নাই। এনেদৰে শৃংখলাবদ্ধতাৰে বাহন চলাচল কৰা মিজোৰামবাসীৰ পৰা অসমকে ধৰি সমগ্ৰ দেশবাসীয়ে শিকা উচিত।
এই ফটোখন সন্দীপ অহলাৱত নামৰ এগৰাকী ব্যক্তিয়ে ধৈৰ্যতাৰে পথটোত বাহনসমূহ আগবঢ়া আৰু শৃংখলাবদ্ধতাৰে বাহন চলোৱাৰ বাবে মিজোৰামৰ লোকসকলৰ প্ৰশংসা কৰিছে। তেওঁ টুইটাৰত ফটোখন আপলোড কৰি লিখিছে যে- ‘এনেদৰে শৃংখলাবদ্ধতাৰে বাহন চলোৱা কেৱল মিজোৰামতে দেখিছো…।’