প্রতিটো পৰীক্ষাত অৱতীর্ণ হোৱাৰ বাবদ ৬ লাখকৈ টকা সংগ্রহ কৰি আহিছিল প্ৰদীপ কুমাৰে

গুৱাহাটী – দেশত এতিয়া ধন দিলেই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সুন্দৰ সুবিধা হৈছে। দিল্লীৰ প্ৰদীপ কুমাৰ অসম আৰক্ষীৰ হাতত ধৰা পৰাৰ পিছতেই শিক্ষাজগতৰ এক ক’লা অধ্যায় মুকলি হৈছে। যোৱা এবছৰ ধৰি ধনৰ বিনিময়ত আনৰ হৈ পৰীক্ষাত অৱতীৰ্ণ হৈ অহা উচ্চ শিক্ষিত ভাৰাতীয়া পৰীক্ষার্থী প্রদীপ কুমাৰ অসম আৰক্ষীৰ জালত পৰাৰ পাছতে পোহৰলৈ আহিছে দেশত চলি থকা এই ব্যৱসায়ৰ কথা৷

উল্লেখ্য যে জে ই ই পৰীক্ষাত অসমৰ নীল নক্ষত্র দাসৰ হৈ পৰীক্ষাত অৱতীর্ণ হোৱা ভাৰাতীয়া পৰীক্ষার্থী প্রদীপ কুমাৰে প্রতিটো পৰীক্ষাত অৱতীর্ণ হোৱাৰ বাবে ৬ লাখকৈ টকা লৈছিল৷ ইঞ্জিনীয়াৰিঙৰ স্নাতক প্রদীপ কুমাৰে দীর্ঘদিন ধৰি দেশৰ বিভিন্ন স্থানত এইদৰে জ্ঞানৰ ক’লা বজাৰ চলাই আহিছিল৷

অসম আৰক্ষীয়ে নতুন দিল্লীৰ বেগুচৰাইত এটা ফ্লেটৰ পৰা গ্রেপ্তাৰ কৰিছিল প্রদীপ কুমাৰক। আৰক্ষীৰ জেৰাত বহু বিস্ফোৰক তথ্য প্রকাশ কৰিছে ধৃত প্ৰদীপে ৷ চলিত বৰ্ষৰ ৫ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা জে ই ই পৰীক্ষাত গুৱাহাটীৰ চিকিৎসক ডাঃ জ্যোতির্ময় দাসৰ পুত্র নীল নক্ষত্র দাসৰ হৈ পৰীক্ষাত অৱতীর্ণ হোৱাৰ বাবত প্রদীপ কুমাৰে লৈছিল ৬ লাখ টকা৷

কিন্তু পৰীক্ষাত উত্তীর্ণ কৰাই দিয়াৰ বাবে চিকিৎসকজনৰ পৰা আমবাৰীৰ গ্ল’ৱেল এডুলাইট নামৰ ক’চিং চেণ্টাৰৰ স্বত্বাধিকাৰী ভার্গৱ ডেকাই লৈছিল ২০ লাখ টকা৷ লক্ষণীয় যে যোৱা এবছৰৰ পৰা ভার্গৱ ডেকা আৰু প্রদীপ কুমাৰৰ সু-সম্পর্ক চলি আছিল৷ ইয়াৰ পূর্বেও তেওঁ অসমত আন পৰীক্ষার্থীৰ বাবে পৰীক্ষাত অৱতীর্ণ হৈছিল৷ এডিচিপি সুপ্রতিভ লাল বৰুৱাৰ নেতৃত্বত অসম আৰক্ষীৰ এটা দলে প্রদীপ কুমাৰক গ্রেপ্তাৰ কৰিবৰ বাবে তিনি দিন ধৰি দিল্লীত বাহৰ পাতি আছিল৷ প্রদীপ কুমাৰৰ পৰা আৰক্ষীয়ে এটা লেপটপ আৰু এটা ম’বাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়৷

ধৃত প্রদীপ কুমাৰক আজাৰা আৰক্ষী থানাত ৰাখি সমগ্র নিশা আৰক্ষীয়ে জেৰা কৰে৷ জেৰাত ধৃত প্রদীপ কুমাৰে অসমৰ উপৰি দেশৰ বিভিন্ন প্রান্তত দীর্ঘদিন ধৰি এইদৰে লাখ লাখ টকাৰ বিনিময়ত আনৰ হৈ পৰীক্ষাত অৱতীর্ণ হৈ অহাৰ কথা সদৰী কৰিছে৷

উল্লেখযোগ্য যে দিল্লীৰ স্কুল অৱ ইঞ্জিনীয়াৰিঙৰ পৰা ইলেক্ট্রিকেল ইঞ্জিনীয়াৰিঙত স্নাতক ডিগ্রীধাৰী প্রদীপ কুমাৰ৷ শেহতীয়াকৈ তেওঁ দিল্লীৰ এটা ক’চিং চেণ্টাৰত কর্মৰত আছিল৷

জ্ঞান বিক্রীৰ ব্যৱসায়ত নমাৰ পাছত সর্বভাৰতীয় পর্যায়ৰ পৰীক্ষাত আনৰ হৈ পৰীক্ষা দিয়াৰ বাবে প্রতিটো পৰীক্ষাত ৬ লাখকৈ টকা সংগ্রহ কৰি আহিছিল৷ কেৱল জে ই ই পৰীক্ষাতে নহয়, জে ই ইৰ এডভান্স পৰীক্ষাতো বহিছিল প্রদীপ কুমাৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply