আগ্ৰাৰ ছেন্ট জ'নছ কলেজ

নিউজ ডেস্ক– ‘ভেলেন্টাইন ডে’ৰ পূৰ্বে বয়ফ্ৰেণ্ড বিচাৰি নল’লে কলেজত প্ৰৱেশ কৰিব নোৱাৰিব। এই জাননী প্ৰকাশ হোৱাৰ লগে লগে চিন্তিত হৈ পৰিল ‘ছিংগল’ সকল। এই ঘটনা আগ্ৰাৰ ছেন্ট জ’নছ কলেজৰ।

ছেন্ট জ’নছ কলেজৰ কৰ্তৃপক্ষৰ ফালৰ পৰা এখন জাননী প্ৰকাশ হৈছিল। জাননীখনত উল্লেখ আছিল ”ভেলেন্টাইন ডে’ৰ পূৰ্বে বয়ফেণ্ড বিচাৰি ল’ব। নিজৰ সুৰক্ষাৰ কাৰণে কোৱা হৈছে। ছিংগল ছোৱালী সকলক কলেজত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। তেওঁলোকে বয়ফ্ৰেণ্ডৰ সৈতে উঠা শেহতীয়া এখন ফটো দেখুৱাব লাগিব। ”

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল এই পত্ৰ

নিমিষতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল এই পত্ৰ। চিন্তা বাঢ়িল ছিংগল সকলৰ। পিছে এই জাননী জাৰি কৰা বিষয়টো সম্পূৰ্ণ অস্বীকাৰ কৰিছে ছেন্ট জ’নছ কলেজ কৰ্তৃপক্ষই।

আনকি জাননীত অধ্যাপকৰ চহীও জাল কৰা হৈছে বুলি কলেজৰ ফালৰ পৰা জনোৱা হৈছে। শেষত পিছে সমগ্ৰ ঘটনা ভুৱা বুলি প্ৰতিপন্ন হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply