মঙ্গল গ্ৰহত সফলতাৰে অৱতৰণ ৰোভাৰ Credit: টুইটাৰ ফটো

নিউজ ডেস্ক– এইবাৰ পুনৰ ইতিহাস ৰছিলে নাছাই। মঙ্গল গ্ৰহলৈ সফলতাৰে ৰোভাৰ প্ৰেৰণ কৰাত সফল আমেৰিকাৰ মহাকাশ সংস্থা নাছা। ৭মাহৰ মূৰত বৃহস্পতিবাৰে ভাৰতীয় সময় অনুসৰি নিশা ২বাজি ২৫মিনিটত মঙল গ্ৰহত অৱতৰণ কৰে ৰোভাৰে। এই ঐতিহাসিক মিছনৰ নেতৃত্বত থকা বিজ্ঞানীসকলৰ ভিতৰত অন্যতম আছিল ভাৰতীয় মূলৰ বিজ্ঞানী ড০ স্বাতী মোহন।

ভাৰতীয় মূলৰ বিজ্ঞানী ড০ স্বাতী মোহন

স্বাতী মোহনে ৰোভাৰৰ লেণ্ডিং ছিষ্টেমটো বিকশিত কৰিছিল। ড০ মোহনে মাত্ৰ এবছৰ বয়সতে ভাৰতৰ পৰা আমেৰিকালৈ প্ৰস্থান কৰিছিল। তেওঁ কৰ্ণেল বিশ্ববিদ্যালয়ৰ পৰা মেকানিকেল আৰু এৰোস্পেছ ইঞ্জিনিয়াৰিঙত বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছে আৰু এৰ’নেটিক্সত এমআইটিৰ পৰা এমএছ আৰু পিএইচডি সম্পূৰ্ণ কৰিছিল।

মঙল গ্ৰহত অৱতৰণ কৰিয়ে ৰোভাৰে প্ৰেৰণ কৰিলে প্ৰথমখন ফটো। ছয় চকায়ুক্ত ৰোভাৰে মঙ্গলগ্ৰহত বিভিন্ন তথ্য সংগ্ৰহ কৰিব আৰু বিভিন্ন শিল আনিব যিয়ে ৰঙা গ্ৰহত জীৱ আছিল নে নাই সেই বিষয়ে প্ৰশ্নৰ উত্তৰ দিব।

অৱতৰণৰ সময়ত ৰোভাৰৰ তাপমাত্ৰা হৈছিল ১৩০০ডিগ্ৰী ছেন্টিগ্ৰেড। জেজেৰো ক্ৰেটাৰটো মঙ্গলৰ এটা অতি কঠিন অঞ্চল।তাত গভীৰ উপত্যকা, আৰু তীক্ষ্ণ পৰ্বত আছে।অৱতৰণৰ এই সময়খিনি নাছাৰ বিজ্ঞানীসকলৰ বাবে শ্বাসৰুদ্ধকৰ।

এই ৰোভাৰত ২৩টা কেমেৰা সংলগ্ন কৰা হৈছে যিয়ে গ্ৰহটোৰ ভিডিঅ’ ৰেকৰ্ড কৰিব আৰু শব্দ ৰেকৰ্ড কৰিবলৈ ২টাকৈ মাইক্ৰ’ফ’ন সংলগ্ন কৰা হৈছে। ৰোভাৰে প্ৰতি ঘণ্টাত ১২,000 মাইল (প্ৰতি ঘণ্টাত ১৯,000 কিলোমিটাৰ) অধিক গতিবেগত ৪৭২নিযুত কিলোমিটাৰতকৈ অধিক দূৰত্ব অতিবাহিত কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply