নিউজ ডেস্ক- গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ- পূৱ ভ্ৰমণৰ দ্বিতীয় কাৰ্যসূচী মতে দেওঁবাৰে দুপৰীয়া মণিপুৰৰ ইম্ফলত উপস্থিত হয় | ইয়াৰ পিছতে হাপটা কানজিবাঙ ষ্টেডিয়ামত আয়োজিত এখন সভাত অংশ লয় | এই অনুষ্ঠানতে চূড়াচান্দপুৰ মেডিকেল কলেজ, আই আই টি মংখং, দ্বাৰকা নগৰত নিৰ্মাণ কৰিব লগা মণিপুৰৰ তৃতীয়টো মণিপুৰ ভৱনৰো আধাৰশিলা স্থাপন কৰে | ৭ টাকৈ নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে দুটা ডেভ’লপমেন্ট প্ৰকল্পৰ কাম মুকলি কৰে এই অনুষ্ঠানতে | ভাষণ প্ৰসংগত গৃহমন্ত্ৰী গৰাকীয়ে যোৱা সময়চোৱাত ৰাজ্যখনৰ উগ্ৰপন্থী সমস্যা সমাধানৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ কথা উল্লেখ কৰে | বিজেপি চৰকাৰ অহাৰ পিছত মণিপুৰৰ ৮ টাকৈ উগ্ৰপন্থী সংগঠন আলোচনাৰ মেজলৈ আহি আত্মসমপৰ্ন কৰাত ৰাজ্য খনলৈ শান্তি ঘুৰি আহিছে বুলিও কয়। তিনি বছৰীয়া এন বীৰেন সিং চৰকাৰৰ বাবেই ৰাজ্য খনৰ যাতায়ত ব্যবস্থা উন্নয়ন হোৱাৰ কথাও ভাষণত উল্লেখ কৰে | ৰাজ্য খনৰ খোৱাপানী সমস্যাৰ কথা উল্লেখ কৰি গৃহমন্ত্ৰী গৰাকীয়ে কয় যোৱা কংগ্ৰেছ চৰকাৰৰ দিনত ৬ শতাংশ লোকে খোৱাপানীৰ সুবিধা লাভ কৰাৰ বিপৰীতে বৰ্তমান ৩৩ শতাংশ লোকে এই সুবিধা লাভ কৰিছে | প্ৰধানমন্ত্ৰীৰ স্মাৰ্টচিটিৰ অধীনত ইম্ফল চহৰ খনো সুন্দৰকৈ গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ভুমিকাক শলাগ লয় | গৃহ মন্ত্ৰী গৰাকীয়ে ৰাজ্য খনত এখন ফৰেনচিক চায়েন্স ইউনিভাৰ্চিটি গঠন কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সহায় কৰিব বুলিও উল্লেখ কৰে | মণিপুৰে ২০১৯ চনৰ ১১ ডিচেম্বৰৰ পৰা লাভ কৰা ইনাৰ লাইন পাৰ্মিট ব্যবস্থাৰ কথা উল্লেখ কৰি এই সুবিধাই ক্ষুদ্ৰ ৰাজ্য খনক বহু সকাহ দিব বুলি উল্লেখ কৰে।

উক্ত সভাত কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিং মুখ্যমন্ত্ৰী এন বীৰেন সিং সহ ৰাজ্যিক কেবিনেটৰ সকলো সদস্য উপস্থিত আছিল |

কামাখ্যা মন্দিৰ দৰ্শন গৃহমন্ত্ৰীৰ

ইয়াৰ আগতে মণিপুৰলৈ যাত্ৰা কৰাৰ পূৰ্বে দুদিনীয়া অসম ভ্ৰমনৰ অন্তিমটো কাৰ্যসূচীত কামাখ্যা মন্দিৰ দৰ্শন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে |শ্বাহক এই যাত্ৰাত সংগ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply