পলিঅ'ৰ সলনি খুওৱাই দিলে হেণ্ড ছেনিটাইজাৰ খুওৱা হ'ল ১২ শিশুক

নিউজ ডেস্ক- দেওবাৰৰ পৰা দেশজুৰি আৰম্ভ হৈছে তিনিদিনীয়া পাল্ছ পলিঅ’ টিকাকৰণ কাৰ্যসূচী। ইয়াৰ মাজতে মহাৰাষ্ট্ৰত ঘটিল অঘটন। পলিঅ’ৰ সলনি শিশুক খুওৱা হ’ল হেণ্ড ছেনিটাইজাৰ।

এই ঘটনাৰ পিছতে ঘটনাস্থলীতে শিশুকেইটাই বমি কৰিবলৈ আৰম্ভ কৰে। লগে লগে শিশুকেইটাক নিকটৱৰ্তী বসন্ত ৰাও নায়ক চৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হয়।

এই ঘটনা মহাৰাষ্ট্ৰৰ ঘাতাঞ্জি জিলাৰ অন্তৰ্গত কাপছি–কোপাৰি গাঁৱৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ।

নাৰ্ছৰ ভুলৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ তথ্য় পোৱা গৈছে। প্ৰাথমিক তদন্তত পিছত এই ঘটনাত অভিযুক্ত ৩গৰাকী নাৰ্ছক নিলম্বিত কৰিছে জিলা স্বাস্থ্য কৰ্তৃপক্ষই।

বৰ্তমান আটাইকেইটা শিশুৰ স্বাস্থ্য সুস্থিৰ বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply