নিউজ ডেস্ক- মহাৰাষ্ট্ৰৰ থানে জিলাত অঘটন। সোমবাৰে পুৱা প্ৰায় ১০বাজি ৩০ মিনিটত থানেৰ ভিৱাণ্ডি চহৰত ভাঙি পৰে এটা গুডাম । গুডামটোৰ ভিতৰত আবদ্ধ হৈ পৰে আঠজনকৈ লোক।

আবদ্ধ হৈ পৰা লোক কেইজন গুডামটোত কৰ্মৰত আছিল। ভিৱাণ্ডিৰ মানকোলী নাকাৰ হৰিহৰ কম্পাউণ্ডত আছিল এই গুডামটো।

এই ঘটনাত এজন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে। নিহত জন সৌৰভ ত্ৰিপাঠী। তেওঁ গুডামটোৰ নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে। এন ডি আৰ এফ বাহিনীয়ে ঘটনাস্থলীৰ পৰা আহত অৱস্থাত উদ্ধাৰ কৰে ৬জনকৈ লোকক। আহত কেইজনক ভিৱাণ্ডিৰ আই জি এম হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply