নিউজ ডেস্ক– মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা জিলাত সংঘটিত হৈছে হৃদয় বিদাৰক ঘটনা। এখন হস্পিতালৰ ‘বেবী আই চি ইউ’ত অগ্নিকাণ্ড সংঘটিত হয় মৃত্য়ু হয় ১০টি নৱজাতকৰ। ঘটনাটো সংঘটিত হয় পুৱতি নিশা প্ৰায় ২বজাত। চৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ।
Heart-wrenching tragedy in Bhandara, Maharashtra, where we have lost precious young lives. My thoughts are with all the bereaved families. I hope the injured recover as early as possible.
— Narendra Modi (@narendramodi) January 9, 2021
ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও টুইটযোগে গভীৰ সমবেদনা জ্ঞাপন কৰে।
ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ শিশুকেইটাক উদ্ধাৰৰ চেষ্টা চলাই যদিও ৭টি শিশুকহে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইতিমধ্য়ে ১০ টি শিশু মৃত্য়ুমুখত পৰে।
এই ঘটনা সন্দৰ্ভত মহাৰাষ্ট্ৰৰ প্ৰাক্তণ মুখ্য়মন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাণ্ডেজে শিশুকেইটাৰ মৃত্য়ুত শোকপ্ৰকাশ কৰি কয় যে এই ঘটনাৰ উচিত তদন্ত কৰিব লাগে। লগতে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে।